ETV Bharat / state

সাত নম্বৰৰ বাবে শীৰ্ষ ১০ত নোসোমাল যোৰহাটৰ ৰক্তিম - টিঙিৰমৰা গাঁৱ

যোৰহাট টিঙিৰমৰা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ সন্তান ৰক্তিম ৰঞ্জন কলিতা । পিতৃৰ বিয়োগৰ পাছত আৰ্থিক সংকটৰ মাজেৰেই মাতৃ ৰিব্লীশিখা কলিতাই বহু কষ্টৰে ঘৰখন চলাই নিয়াৰ লগতে পুত্ৰ ৰক্তিম ৰঞ্জনৰ পঢ়াশুনাও কৰাই গৈছিল । অৱশেষত মাতৃৰ এই কষ্ট অাৰু ত্যাগক স্বীকৃতি জনাই পুত্ৰইও মাতৃৰ মুখত হাঁহি বিৰিঙোৱাৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

jorhat-poor-student-good-result-hslc
সাত নম্বৰৰ বাবে শীৰ্ষ ১০ত নোসোমাল যোৰহাটৰ ৰক্তিম
author img

By

Published : Jun 8, 2020, 8:55 PM IST

যোৰহাট,৮ জুন: যোৰহাট টিঙিৰমৰা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ সন্তান ৰক্তিম ৰঞ্জন কলিতা । পশ্চিম যোৰহাট অপ্ৰাদেশিকৃত মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰয়াত বুলিন্দ্ৰনাথ কলিতাৰ পুত্ৰ ৰক্তিম ৰঞ্জন কলিতা। পিতৃৰ বিয়োগৰ পাছত আৰ্থিক সংকটৰ মাজেৰেই মাতৃ ৰিব্লীশিখা কলিতাই বহু কষ্টৰে ঘৰখন চলাই নিয়াৰ লগতে পুত্ৰ ৰক্তিম ৰঞ্জনৰ পঢ়াশুনাও কৰাই গৈছিল। অৱশেষত মাতৃৰ এই কষ্ট আৰু ত্যাগক স্বীকৃতি জনাই পুত্ৰইও মাতৃৰ মুখত হাঁহি বিৰিঙোৱাৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

jorhat-poor-student-good-result-hslc
সাত নম্বৰৰ বাবে শীৰ্ষ ১০ত নোসোমাল যোৰহাটৰ ৰক্তিম

আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ বুটলা মেধাৱী ৰক্তিম ৰঞ্জনে সৰ্বমূঠ ৯৬.১৭ শতাংশৰে উত্তীৰ্ণ হ'ল যদিওঁ শীৰ্ষ দহটা স্থানত সোমাবলৈ কমিল মাত্ৰ সাত নম্বৰ। তথাপি হতাশ হোৱা নাই ৰক্তিমৰ লগতে মাতৃও। দৰিদ্ৰতাকো নেওচি সুখ্যাতিৰে উত্তীৰ্ণ পুত্ৰক পঢ়াবৰ বাবে এতিয়া অপাৰগ মাতৃগৰাকী। সেয়েহে পুত্ৰক মানৱ সম্পদ হিচাপে গঢ়িবলৈ সকলোলৈকে সহায়ৰ ভিক্ষা মাগিছে এইগৰাকী দুৰ্ভগীয়া মাতৃয়ে।

কোনো হৃদয়বান লোক অথবা অনুস্থান প্ৰতিষ্ঠানৰ অলপ সহাঁৰিয়ে ৰক্তিম ৰঞ্জন কলিতাক উচ্চ শিক্ষাৰে আগুৱাই যাবলৈ হ'ব যথেষ্ট সহায়ক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.