যোৰহাট,২৫ নৱেম্বৰ : যোৰহাট আৰক্ষীৰ বিৰুদ্ধে আদালতক অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আদালতৰ । আদালতে জামিন প্ৰদান লোকক পুনৰ গ্ৰেপ্তাৰ কৰি বিপদত যোৰহাট আৰক্ষী ।
উল্লেখ্য যে যোৰহাট সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা এটা গোচৰত ভুক্তভোগীৰ আবেদনৰ ভিত্তিত যোৱা ৪ আগষ্টত অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদলতে এজন লোকক জামিন প্ৰদান কৰিছিল । কিন্তু উক্ত লোকজনক শেহতীয়াকৈ যোৱা ১৮ নৱেম্বৰত পুনৰ পুলিবৰ আৰক্ষী থানাই আটক কৰে । পৰৱৰ্তী সময়ত লোকজনক হেণ্ডকাফ লগাই যোৰহাট সদৰ থানালৈ অনা হয় ।
১৮ আৰু ১৯ নৱেম্বৰলৈ পুলিবৰ আৰু যোৰহাট আৰক্ষীৰ জিন্মাত থকা সময়তে লোকজনৰ অধিবক্তাই আদালতৰ দাৰস্থ হোৱাত আদালতে ১৯ নৱেম্বৰত লোকজনক আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে । লগতে ৪ আগষ্টৰ আদালতৰ নিৰ্দেশাৱলী মানি চলিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে । ইয়াৰ পাছত লোকজনৰ অধিবক্তাই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আটকাধীন লোকজনৰ সৈতে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰি আন এখন আবেদন দাখিল কৰে ।
অৱশেষত উক্ত আবেদনৰ ভিত্তিত আদালতে প্ৰশ্ন কৰে কেনেকৈ আদালতৰ নিৰ্দেশাৱলী উলংঘা কৰি উক্ত লোকজনক হেণ্ডকাফ লগোৱা হ'ল ? এই সন্দৰ্ভত যোৰহাট আৰক্ষীৰ পৰা স্পষ্ট উত্তৰো বিচৰাৰ লগতে ১৮ আৰু ১৯ নৱেম্বৰৰ দুয়ো দিনৰে থানাৰ চিচিটিভি ফুটেজো আদালতত জমা দিবলৈ নিৰ্দেশ দিয়ে ।
আদালতে জামিন দিয়াৰ পাছতো লোকজনক আটক কৰি থানাত ৰাখি পাছত গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰা আৰু আদালতৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগত আৰক্ষী উপ-পৰিদৰ্শক উৎপল নাথৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও আদালতে নিৰ্দেশ দিয়ে । আদালতৰ এই নিৰ্দেশৰ পাছতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । বহুতে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্নও উত্থাপন কৰিছে ।
লগতে পঢ়ক :ধিক মানৱতা ! ৰাজহুৱা স্থানত গুৰুলা গুৰুলকৈ প্ৰহাৰ এগৰাকী বৃদ্ধাক