ETV Bharat / state

যোৰহাটৰ মালৌখাত পুনৰ বানৰ সংহাৰ - flood situation

পুনৰ প্লাৱিত মালৌখাত। পানীত হাহ নচৰা অৱস্থা বানাক্ৰান্তৰ। সম্পূৰ্ণ দুটা মাহ অতিক্ৰম কৰিলে ভোগদৈৰ বাঢ়নী পানীৰ কৱলত পৰা ২০ খনৰো অধিক গাঁৱত ৷

পানীত হাহ নচৰা অৱস্থা বানাক্ৰান্তৰ
author img

By

Published : Jul 22, 2019, 8:31 PM IST

যোৰহাট, 22 জুলাইঃ ২২ মে তাৰিখে ভোগদৈৰ বাঢ়নী পানীয়ে উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাতত ভোগদৈ মাথাউৰি ছিঙি প্ৰায় ২০ খনৰো অধিক গাঁও প্লাবিত কৰিছিল । কিন্তু মাজতে কিছু দিন বতৰ ফৰকাল হোৱাৰ লগতে ভোগদৈ নদীৰ বাঢ়নী পানী ক্ৰমান্বয়ে কমিবলৈ ধৰাত বান পৰিস্থিতি কিছু উন্নত হৈছিল উত্তৰ পশ্চিম যোৰহাটত ৷ কিন্তু পুনৰ দেওবাৰৰ পৰা পুনৰ ভোগদৈ নৈৰ পানী বাঢ়িবলৈ ধৰাত মালৌখাতৰ ছিগা অংশৰে বাঢ়নী পানী সোমাই অহাত আকৌ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত ৷

যোৰহাটৰ মালৌখাত পুনৰ বানৰ সংহাৰ

আনহাতে মালৌআলি আৰু শলমৰা গড়কাপ্তানী পথটো পুনৰ প্লাৱিত হোৱাত যোগাযোগ ব্যৱস্থা বিছিন্ন হৈ পৰিছে উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাত, মালৌপাম,কেৰীমেৰী দৰে কৃষি প্ৰধান অঞ্চল সমূহৰ মাজত ৷
উল্লেখযোগ্য যে চৰকাৰে বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ঘৰ,পশু আদিৰ বাবত দিবলৈ লোৱা আৰ্থিক সাহাৰ্যৰ নামত স্বয়ং চৰকাৰী গাওবুঢ়াই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰাৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে বানাক্ৰান্ত ৰাইজে ।
উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ বানাক্ৰান্ত ৰাইজে বান সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি হাবাথুৰি খাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত । কিন্তু ইমানৰ পাছতো বানাক্ৰান্ত ৰাইজে পোৱা নাই চৰকাৰী সাহাৰ্য । ইয়াৰ উপৰিও দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে ৰাইজৰ অভাৱ অভিযোগ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।

পুনৰ প্লাবিত মালৌখাত।পানীত হাহ নচৰা অৱস্থা বানাক্ৰান্তৰ।।গাওবুঢ়াই কৰিছে সাহাৰ্য প্ৰদানত পৰিয়ালতন্ত্ৰ।।

আজি ২২ জুলাই।সম্পূৰ্ণ দুটা মাহ অতিক্ৰম কৰিলে ভোগদৈৰ বাঢ়নী পানীৰ কৱলত পৰা ২০ খনৰো অধিক গাঁৱৰ লোকৰ।যোৱা ২২ মে তাৰিখত ভোগদৈৰ বাঢ়নী পানীয়ে উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাতত ভোগদৈ মাথাউৰি ছিঙি প্ৰায় ২০ খনৰো অধিক গাঁৱ প্লাবিত কৰিছিল।কিন্তু মাজতে কিছু দিন বতৰ ফৰকাল হোৱাৰ লগতে ভোগদৈ নদীৰ বাঢ়নী পানী ক্ৰমান্বয়ে কমিবলৈ ধৰাত প্ৰাণ পাইছিল উত্তৰ পশ্চিম যোৰহাটৰ বানাক্ৰান্ত ৰাইজে।কিন্তু যোৱা দেওবাৰৰ পৰা পুনৰ ভোগদৈ পানী বাঢ়িবলৈ ধৰাত মালৌখাতৰ ছিগা অংশৰে পুনৰ বাঢ়নী পানী সোমাই অহাত আকৌ হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলৰ বানাক্ৰান্ত লোক।আনহাতে একমাত্ৰ গড়কাপ্টানী মালৌআলি আৰু শলমৰা পথটো পুনৰ প্লাবিত হোৱাত যোগাযোগ ব্যৱস্থা বিছিন্ন হৈ পৰাত পানীত হাহ নচৰা দৰে অৱস্থাৰ সন্মুখীন হৈছে উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাত, মালৌপাম,কেৰীমেৰী দৰে কৃষি প্ৰধান অঞ্চল সমুহ।উল্লেখযোগ্য যে চৰকাৰে বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ঘৰ,পশু, বাবত দিবলৈ লোৱা আৰ্থিক সাহাৰ্য নামত স্বয়ং চৰকাৰী গাওবুঢ়াই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে বানাক্ৰান্ত ৰাইজে।
উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ বানাক্ৰান্ত ৰাইজে বান সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি হাবাথুৰি খাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত।কিন্তু ইমানৰো পাছতো বানাক্ৰান্ত ৰাইজে পোৱা নাই চৰকাৰী সহযোগিতা।ইয়াৰ উপৰিও দেৰগাঁৱ বিধান সভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে ৰাইজৰ অভাৱ অভিযোগ গ্ৰহন নকৰাৰো অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.