যোৰহাট,৭ জুনঃ যোৰহাট জিলাত সংঘটিত হ'ল এক নজিৰবিহীন ঘটনা । যোৰহাট জিলা প্ৰশাসনে বন্ধ কৰি দিলে জাতীয় সংগঠনৰ কাৰ্যালয় । ৰাজ্যখনৰ সংগঠন সমূহৰ ভিতৰত অন্যতম শক্তিশালী জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট শাখাৰ ভিতৰচৰাত ব্যাপক অন্তঃকন্দল ।
উল্লেখ্য যে,ৰাজ্যৰ বিভিন্ন জিলাৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ আৰু শক্তিশালী আছিল যোৰহাট জিলা সমিতিখন । কিন্তু সংগঠনৰ নীতি বৰ্হিভূত কাৰ্যত জড়িত হোৱাৰ অভিযোগত যোৰহাট জিলা পৰিষদৰ কেইবাজনো সদস্যক কেন্দ্ৰীয় নেত্ৰিত্বই বহিষ্কৃত কৰিছিল । যাৰ ফলত সংগঠনৰ ভিতৰচৰাত কন্দলৰ সৃষ্টি হৈ জাতীয় সংগঠনটো দুটা ভাগত বিভক্ত হৈ পৰিছিল আৰু পৃথকে পৃথকে কাম-কাজ চলাই আহিছিল দুয়োটা দলেই ৷ সংগঠনটোৰ বহিষ্কৃত সদস্যকেইজনে নিজৰ সদস্য পদ এৰিব নিবিছৰাত দুয়ো পক্ষই আইনৰ ওচৰ চাপে ৷ ইতিমধ্যে দুয়োপক্ষৰ অভিযোগৰ বিচাৰ চলি আছে আদালতত । তেনে সময়ত যোৰহাট জিলা প্ৰশাসনে জিলা কাৰ্যালয়টো বন্ধ কৰিব বিছৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । যোৰহাট জিলা প্ৰশাসনৰ ফালৰ পৰা উপস্থিত হোৱা দণ্ডাধীশ গৰাকীয়ে জনোৱা মতে, সংগঠনটোৰ বাবে যাতে জিলাখনৰ আইন-শৃংখলাত অৱনতি নঘটে সেই কাৰণে যোৰহাট জিলাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়টো মোহৰ মাৰি তলা বন্ধ কৰি দিয়া হৈছে ।