যোৰহাট,১২ অক্টোবৰ : উখল মাখল পৰিৱেশ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত । বিভিন্ন গণ্য-মান্য ব্যক্তিৰ আগমন ঘটিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ । কিয়নো উজনি অসমৰ তথা শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী আৰু নাগালেণ্ডবাসী ৰাইজৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।
বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় হাস্পতালখনৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস (13th Foundation day of JMCH)। ২০০৯ চনত ১২ অক্টোবৰৰ দিনটোতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ, তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈৰ উপস্থিতিত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল ।
বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰত্ন তালুকদাৰ আৰু ৰাজসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বন্তি প্ৰজ্জ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (JMCH foundation day celebration)।
সভাৰ প্ৰথমতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভণি ভাষণ প্ৰদান কৰে । তেওঁ ভাষণ প্ৰসংগত হাস্পতালখনৰ প্ৰশংসা কৰি কয় যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্বাস্থ্যসেৱাই সকলোতে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । হাস্পতালখনৰ সকলো বিভাগে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আজি সকলোৰে লগত ফেৰ মাৰিব পৰাকৈ সুবিধা দিবলৈ সক্ষম হৈছে ।
আনহাতে প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই দিনটোত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কৰে । কিয়নো যোৰহাট চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰৰ ব্যক্তিজনেই হ'ল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ । তেওঁৰ প্ৰচেষ্টাত কেনেদৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয় হ'ল সেই বিষয়ে তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ।
উক্ত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত সাহিত্যিক তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ উপৰিও জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক :Commerce College Golden Jubilee: গোলাঘাট বানিজ্য মহাবিদ্যালয়ৰ সোনালী জয়ন্তী পালন