ETV Bharat / state

JIST Students Attack : JIST ৰ ছাত্ৰক আক্ৰমণকাৰী মূল অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Nov 24, 2022, 3:00 PM IST

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (Jorhat Institute of Science and Technology) পদাৰ্থ বিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিকত অধ্যয়নৰত তিনিগৰাকী ছাত্ৰক আক্ৰমণকাৰী মূল অভিযুক্তক আটক । উক্ত আক্ৰমণৰ ঘটনা সংঘটিত কৰা মূল অভিযুক্ত সিদ্ধান্ত বৰাক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে (JIST Students Attack main culprit detained) ।

Jorhat
Jorhat

যোৰহাট, ২৪ নৱেম্বৰ : যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (Jorhat Institute of Science and Technology) পদাৰ্থ বিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিকত অধ্যয়নৰত তিনিগৰাকী ছাত্ৰক আক্ৰমণকাৰী মূল অভিযুক্তক আটক । শিক্ষা প্ৰতিষ্ঠানখনৰ ছাত্র ৰক্তিম ৰৌচন গগৈ, স্বৰাজ দেউৰী আৰু পাৰ্থ হাজৰিকাক এখন গাড়ীত অহা অচিনাক্ত দুষ্কৃতিকাৰীৰ দলে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২২ নৱেম্বৰ নিশা ছুৰীকাঘাত কৰি গুৰুতৰভাৱে আহত কৰে (JIST Students Attack) ।

JIST ছাত্ৰক আক্ৰমণকাৰী মূল অভিযুক্তক গ্ৰেপ্তাৰ

আনহাতে, ছাত্ৰকেইজন আক্ৰমণ কৰি তাতে পেলাই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে । উক্ত আক্ৰমণৰ ঘটনা সংঘটিত কৰা মূল অভিযুক্ত সিদ্ধান্ত বৰাক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে (JIST Students Attack main culprit detained) । বোকাখাতৰ পৰা আটক কৰা হয় উক্ত আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত সিদ্ধাৰ্থক । লগতে আক্ৰমণত ব্যৱহৃত বাহন আৰু ছুৰীখনো উদ্ধাৰ কৰিছে যোৰহাট আৰক্ষীয়ে । উল্লেখ্য, বুধবাৰে তিনি ছাত্রৰ আক্ৰমণত জড়িত থকা পাপু পায়েংসহ আন এজন নাবালকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ।

দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিওজন ছাত্ৰ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালত চিকিৎসাধীন হৈ আছে । ইফালে ছাত্রকেইজনক আক্ৰমণৰ ঘটনাৰ পিছত যোৰহাটৰ বিভিন্ন দল-সংগঠনে আৰক্ষীৰ ভূমিকাক সমালোচনা কৰি গৰিহনা প্ৰদান কৰিছিল । ফলত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰি এই তিনি আক্ৰমণকাৰীক বিভিন্ন প্ৰান্তৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য, কাকজানস্থিত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সন্মুখত মঙলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ কাণ্ড (Miscreant attacked student in Jorhat)। শিক্ষানুষ্ঠানখনৰ তিনিজন ছাত্ৰই কাষতে থকা এখন ধাবাত নৈশ আহাৰ গ্ৰহণ কৰি আহি থাকোঁতে এখন বাহনত অহা কেইজনমান যুৱকৰ সৈতে বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷

ঘাইপথেৰে দ্ৰুতগতিৰে যোৱা বাহনখনৰ আৰোহীক ছাত্ৰকেইজনে কিয় দ্ৰুতগতিত গৈছে বুলি প্ৰশ্ন কৰাত দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্ক হয় । পৰৱৰ্তী সময়ত গাড়ীৰ পৰা নামি আৰোহীকেইজনে চোকা অস্ত্ৰেৰে ছাত্ৰ তিনিজনক আক্ৰমণ কৰি পলায়ন কৰে (Attack on Students in Jorhat)। তাৰ পিছত গুৰুতৰভাৱে আহত ছাত্ৰকেইজনক ৰাইজৰ সহযোগত আৰক্ষীয়ে ততাতৈয়াকৈ নিশাতেই যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Lachit Divas in Assam : ৰাজ্যজুৰি উদযাপন লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.