ETV Bharat / state

স্তব্ধ ৰাজ্যঃ 'জনতা কাৰফিউ'লৈ স্বৰ্তস্ফূত সঁহাৰি ৰাজ্যবাসীৰ - মাজুলীত জাৰি 144 ধাৰা

Covid 19
জনশূন্য ৰাজপথ
author img

By

Published : Mar 22, 2020, 9:05 AM IST

Updated : Mar 22, 2020, 3:28 PM IST

15:15 March 22

বিমানবন্দৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

বিমানবন্দৰত কটকটীয়া সুৰক্ষা

আজাৰা,22 মাৰ্চঃ জনতা কাৰ্ফিউ স্বত্বেও বৰঝাৰ বিমানবন্দৰত অব্যাহত যাত্ৰীৰ আহ-যাহ ৷ কিন্তু বিমানবন্দৰ কৰ্তৃপক্ষই ইতিমধ্যে বাতিল কৰিছে কেইবাখনো বিমান । দেশৰ কঠিন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৯ মাৰ্চলৈ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আন্তৰাষ্ট্ৰীয় বিমান বাতিল কৰা হৈছে ৷ সমান্তৰালভাৱে গুৱাহাটী-কলিকতা-আইজল-দিল্লী-চেন্নাই আদিৰ পৰা দৈনিক চলাচল কৰা ১৩খনৰো অধিক বিমান বাতিল কৰা হৈছে ।

14:37 March 22

পোনপ্ৰথমবাৰৰ বাবে জনশূন্য বটদ্ৰৱা থান

জনশূন্য বটদ্ৰৱা থান

বটদ্ৰৱা,22 মাৰ্চঃ জনতা কাৰ্ফিউৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে বন্ধ থাকে বটদ্ৰৱা থানৰ কীৰ্তনঘৰৰ মূল দুৱাৰ । কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি থান পৰিচালনা কমিটিয়ে কীৰ্তনঘৰৰ মূল দুৱাৰৰ লগতে আৰু কাৰ্যালয়ো বন্ধ ৰাখে । এনে পৰিৱেশ বটদ্ৰৱা থানৰ ইতিহাসত প্ৰথম হিচাপে পৰিচিত হৈছে ।

14:19 March 22

জনশূন্যহীন দৰঙৰ ৰাজপথ

জনশূন্যহীন দৰঙৰ ৰাজপথ

দৰং,22 মাৰ্চঃ দৰঙতো সৰ্বাত্মক প্ৰভাৱ ‘জনতা কাৰ্ফিউ’ৰ ৷ দেওবাৰৰ দিনটোত জিলাখনৰ সকলো ৰাজহুৱা সভাৰ লগতে পৰিবহণ সেৱা স্থগিত ৰখা হয় ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাদে অন্য সকলো প্ৰতিষ্ঠান বন্ধ থাকে জিলাখনত ৷

14:04 March 22

চিৰাঙত অব্যাহত জৰুৰীকালীন সেৱা

চিৰাঙত বন্ধৰ প্ৰভাৱ

চিৰাং,22 মাৰ্চঃ বঙাইগাঁৱত জনতা কাৰ্ফিউৰ প্ৰভাৱ সৰ্বাত্মক পৰিলক্ষিত । চহৰখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী,নিৰাপত্তাৰক্ষী আৰু এম্বুলেঞ্চৰ বাদে বন্ধ থাকে আন যান-বাহনৰ চলাচল ৷

13:26 March 22

কৰ’ণা সম্পৰ্কে সচেতন বৰপেটাবাসী

দেওবাৰৰ দৃশ্য

বৰপেটা,22 মাৰ্চঃ জনতা কাৰ্ফিউ উপলক্ষে একপ্ৰকাৰ জনপ্ৰাণীবিহীন হৈ পৰে সমগ্ৰ বৰপেটা চহৰৰ বাট-পথ ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা কাৰ্যই ৰোগবিধ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাইজৰ সজাগতাক প্ৰতীয়মান কৰে ৷

13:05 March 22

জনতা কাৰ্ফিউ সন্দৰ্ভত বনমন্ত্ৰীৰ বিশেষ আহ্বান

বনমন্ত্ৰীৰ আহ্বান

গুৱাহাটী,22 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা "জনতা কাৰ্ফিউ" ৰ প্ৰতি সমৰ্থন জনাবলৈ ৰাইজক আহ্বান বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সকলোকে ঘৰতে থাকি সজাগ আৰু সতৰ্ক থাকিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

12:46 March 22

কৰিমগঞ্জত ব্যাপক সঁহাৰি জনতাৰ

কৰিমগঞ্জত ব্যাপক সঁহাৰি জনতাৰ

কৰিমগঞ্জ,22 মাৰ্চঃ কৰিমগঞ্জত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "জনতা কাৰফিউ" ৰ আবেদনৰ প্ৰতি সঁহাৰি ৰাইজৰ । ইয়াৰ মাজতো জৰুৰীকালীন সেৱাসমূহ একেদৰে অব্যাহত থকা দেখা গ’ল ৷

12:16 March 22

বিশ্বনাথৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ জনশূন্য

জনশূন্য ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ

বিশ্বনাথ,22 মাৰ্চঃ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ প্ৰভাৱ সৰ্বাত্মক বিশ্বনাথত ৷ ফলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ একেবাৰে জনশূন্য হয় ৷ জিলাখনৰ বিহালী-বেদেতীকে ধৰি বৃহত্তৰ অঞ্চলটোৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান স্বতঃস্ফুৰ্তভাৱে বন্ধ থাকে ৷

12:00 March 22

লখিমপুৰতো প্ৰভাৱ সৰ্বাত্মক

লখিমপুৰত প্ৰভাৱ সৰ্বাত্মক

লখিমপুৰ,22 মাৰ্চঃ লখিমপুৰতো জনতাৰ কাৰ্ফিউৰ প্ৰতি পূৰ্ণ সমৰ্থন ৰাইজৰ ৷ একপ্ৰকাৰ কৰ’ণা আতংকত স্তব্ধ লখিমপুৰৰ জন-জীৱন ৷

11:23 March 22

ধুবুৰীত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি ৰাইজৰ

কৰ’ণা আতংক

ধুবুৰী,22 মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে পুৱা 7 বজাৰ পৰা নিশা 9 বজালৈ জনোৱা "জনতা কাৰ্ফিউ"ৰ আহ্বানৰ প্ৰতি সম্পূৰ্ণ সঁহাৰি জনাইছে ধুবুৰীবাসীয়ে ।

11:11 March 22

জনতা কাৰ্ফিউৰ প্ৰতি সম্পূৰ্ণ সহযোগ যোৰহাটবাসীৰ

জনশূন্য যোৰহাট

যোৰহাট,22 মাৰ্চঃ প্ৰধানমন্ত্ৰী মোডীৰ আহ্বানমৰ্মে জনতা কাৰ্ফিউৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা দেখা গৈছে যোৰহাটবাসীক ৷ ব্যস্ততা ভৰা দিনৰ বিপৰীতে দেওবৰীয়া দিনটোত ৰাজপথ শূন্য হৈ পৰা দেখা গ’ল চহৰখনত ৷

10:44 March 22

গোৱালপাৰাত প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি

সৰ্বাত্মক বন্ধৰ প্ৰভাৱ

গোৱালপাৰা,22 মাৰ্চঃ সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰাতো সৰ্বাত্মক প্ৰভাৱ জনতা সান্ধ্য আইনৰ ৷ প্ৰধানমন্ত্ৰীৰ জনতা সান্ধ্য আইনৰ প্ৰতি সঁহাৰি জনাই জিলাখনৰ দোকান-পোহাৰ বন্ধ ৰখাৰ উপৰিও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত যান-বাহন চলাচল সম্পূৰ্ণ বন্ধ ৰখা হৈছে । জিলা প্ৰশাসনে কোনো ঠাইত যাতে অত্যধিক লোকৰ সমাগম হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে ৷

10:21 March 22

মাজুলীত জাৰি 144 ধাৰা

144 ধাৰা অব্যাহত

মাজুলী,22 মাৰ্চঃ মাজুলীত জনতা সান্ধ্য আইনৰ ফলত স্তব্ধ সাধাৰণ জনজীৱন ৷ ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ অধীনত জিলাখনত 144 জাৰি কৰা হৈছে ৷ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে এই সম্পৰ্কত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰে ৷ জনস্বাৰ্থৰ খাতিৰত এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত বাহাল থাকিব ।

09:54 March 22

কলগাছিয়াত প্ৰভাৱ সৰ্বাত্মক

কলগাছিয়াত প্ৰভাৱ সৰ্বাত্মক

জনিয়া,22 মাৰ্চঃ প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা জনতা কাৰ্ফিউৰ প্ৰভাৱ সৰ্বাত্মক কলগাছিয়াত । বৃহত্তৰ অঞ্চলটোৰ দোকান-পোহাৰকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰিছে । জনশূন্য হৈ পৰিছে মইনবৰী,বাঘবৰ,মন্দিয়াকে ধৰি বৰপেটাৰ সৰভোগ,বঙাইগাওঁ জিলাৰ মাণিকপুৰ,কীৰ্ত্তন পাৰা আদি অঞ্চল ৷

09:17 March 22

চাফাইকৰ্মীৰ ৰূপত টিংখাঙৰ বিধায়ক

বিধায়ক বিমল বড়া

টিংখাং,22 মাৰ্চঃ মাৰাত্মক কৰ’ণা ভাইৰাছ ৰোধৰ বাবে ৰাজ্য চৰকাৰলৈ আহ্বান টিংখাঙৰ বিধায়ক বিমল বড়াৰ ৷ ১৫ দিনলৈ অসমত জনতা কাৰফিউ পালনৰ ক্ষেত্ৰত চৰকাৰক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান বিধায়কগৰাকীয়ে ৷ জনপ্ৰতিনিধি গৰাকীক দেওবাৰে চাফাই কৰ্মীৰ ৰূপত দেখিবলৈ পোৱা যায়।

08:38 March 22

টিয়কত জনশূন্য ৰাজপথ

জনশূন্য ৰাজপথ

টীয়ক,22 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে বিশেষ সতৰ্কতা গ্ৰহণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবাসীক দেওবাৰৰ দিনটোত জনতা সান্ধ্য আইন পালনৰ আহ্বান জনাইছিল ৷ উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোৰহাট জিলাৰ টীয়কত ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । টীয়কৰ সকলো দোকান-পোহাৰ বন্ধ কৰি ৰখাৰ উপৰিয়ো ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷

Last Updated : Mar 22, 2020, 3:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.