ETV Bharat / state

নৃত্য পতিয়সী খগেন্দ্ৰ নাথ লেখাৰুৰ মনৰ কথাৰে... - খগেন্দ্ৰ চন্দ্ৰ লেখাৰু

80 বছৰীয়া শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বৰমজুমদাৰ ৷ নৃত্য পতিয়সী খগেন্দ্ৰ নাথ লেখাৰু আজি সকলোৰে হৈ পৰিছে আদৰ্শ ৷ নৃত্য পতিয়সী খগেন্দ্ৰ নাথ লেখাৰুৰ সৈতে আমাৰ এক বিশেষ সাক্ষাৎকাৰ (Interview with senior folk dancer Khagendra Nath Lekharu)...

নৃত্য পতিয়সী খগেন্দ্ৰ নাথ লেখাৰুৰ মনৰ কথাৰে...

author img

By

Published : Sep 16, 2022, 2:30 PM IST

টীয়ক, 16 ছেপ্টেম্বৰ : এগৰাকী 80 বছৰীয়া নৃত্য পতিয়সী । আজিও সুঠাম চেহেৰা যেন 35-40 বছৰীয়া যুৱক । ইতিমধ্যে সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক এইগৰাকী পুৰুষে ভাৰতবৰ্ষৰ বিভিন্ন স্থান নিজৰ নৃত্যৰ নিখুত ভংগীমাৰে উজ্বলাই তুলিছে অসমীয়া সংস্কৃতিক ।

ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পশ্চিম হাতীত জীৱনৰ প্ৰায় অধিকাংশ সময় অতিবাহিত কৰি সত্ৰীয়া সংস্কৃতি চৰ্চাৰ সমান্তৰালকৈ সত্ৰৰ বৰ মজুমদাৰৰ গুৰুদ্বায়িত্ব পালন কৰা এইগৰাকী আদৰ্শবান পুৰুষ হৈছে খগেন্দ্ৰ চন্দ্ৰ লেখাৰু (Senior folk dancer Khagendra Nath Lekharu)।

সৰুতেই পৰিয়ালে সত্ৰলৈ উৎসৰ্গা কৰাৰ পাচত সত্ৰৰ পৰম্পৰাগত ৰীতি-নীতিৰ আওতাত থাকি সত্ৰীয়া নৃত্য, গীত আদিকে জীৱনৰ মূল হিচাপে লৈ আগুৱাই আহি আজি এগৰাকী প্ৰতিস্থিত নৃত্য পতিয়সী হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে । আতাৰ বয়স বৰ্তমান 79 বছৰ, যদিও আজিৰ তাৰিখতো তেওঁ নিত্য নৈমিত্তিক সকলো কাম কাজ কৰি সংস্কৃতিৰ চৰ্চা কৰি আছে ৷

নৃত্য পতিয়সী খগেন্দ্ৰ নাথ লেখাৰুৰ মনৰ কথাৰে...

প্ৰশিক্ষণ প্ৰদান কৰিছে সহস্ৰজনক । অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থান সংস্কৃত দশৱতাৰ নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰি আহিছে (Dokhobota dance performance) ৷ বিশেষকৈ সংস্কৃত দশৱতাৰ নৃত্যত আতা আজিও অদ্বিতীয় তথা অপ্ৰতিদন্দী । ইতিমধ্যে অসম চৰকাৰেও এইগৰাকী স্বনামধন্য শিল্পীক উচিত মৰ্যদা প্ৰদান কৰি শিল্পীৰ এককালীন সাহাৰ্য তথা অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰদান কৰিছে ।

লগতে পঢ়ক : অসমক ঘূৰাই দিয়া নহ’ব জয়মালা কিম্বা অন্য হাতীকেইটাক

উল্লেখযোগ্য যে, এটা সময়ত তেওঁৰ এই নৃত্য শৈলীত আকৃষ্ট হৈ অসমৰ অন্যতম জনপ্ৰিয় নৃত্য পতিয়সী ইন্দিৰা পি পি বৰা আৰু গৰিমা হাজৰিকাই আতাক অসমীয়া সংস্কৃতি সুদূৰ আমেৰিকাত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছিল ৷ কিন্তু উদাসীন ভকতৰ চৰিত্ৰ অক্ষুন্ন ৰাখি আতাই সেই প্ৰস্তাৱ নাকচ কৰিলে ।

এক কথাত ক’বলৈ গ’লে আতা এগৰাকী একনিষ্ঠ সত্ৰীয়া সংস্কৃতিৰ সাধক । সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশত জীৱনৰ কিশোৰ, যৌৱন, বৃদ্ধকাল অতিবাহিত কৰি জীৱনৰ অভিজ্ঞতাৰ পৰা আতাই নৱ প্ৰজন্মক নিজৰ কলা সংস্কৃতিৰ প্ৰতি আকৃষ্ট হ’বলৈ আহ্বান জনাইছে ৷

যি সকলোকে শাৰীৰিক মানসিক তথা আধ্যাত্মিক শিক্ষা প্ৰদান কৰি সামান্য মানৱক অতিমানৱলৈ পৰিণত কৰিব ৷ অসমীয়া জাতি সদায় জিলিকাই তলিব বুলি গভীৰ বিশ্বাস ৰাখিছে । আমিও এই মূহুৰ্তত আতাৰ এই জীৱনযোৰা সাধনাক কৃতজ্ঞতা জনাইছো আৰু এইগৰাকী মহান শিল্পীৰ দীৰ্ঘায়ু কামনা কৰিছো ।

লগতে পঢ়ক : ব্ৰিটেইনৰ প্ৰবাসী ভাৰতীয়সকলৰ ৰাণীৰ মৃত্যুত শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.