ETV Bharat / state

International Conference: কৃষি ব্যৱসায় আৰু বিনিয়োগৰ সম্ভাৱনীয়তা সন্দৰ্ভত যোৰহাটত আন্তঃৰাষ্ট্ৰীয় সন্মিলন - VC of Assam Agricultural University

অসম কৃষি বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সন্মিলন (International Conclave at AAU)। এছিয়ান আৰু মেকং দেশসমূহৰ মাজত কৃষি ব্যৱসায় আৰু বিনিয়োগৰ সম্ভাৱনীয়তাৰ আন্তঃৰাষ্ট্ৰীয় কনক্লেভ সম্পন্ন ।

International Conclave at AAU
অসম কৃষি বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সন্মিলন
author img

By

Published : Apr 28, 2023, 1:32 AM IST

Updated : Apr 28, 2023, 9:32 AM IST

যোৰহাট, ২৭ এপ্ৰিল: সঠিক দিশত বিনিয়োগেহে ব্যৱসায়িক ক্ষেত্ৰত যথোচিত উন্নতিত সহায়ক হয় । সামৰ্থ বৃদ্ধি আৰু উদ্ভাৱনী মানসিকতাৰে ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি গ'লে নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰি । এছিয়ান বা মেকং দেশসমূহৰ সৈতে ব্যৱসায়িক সহযোগিৰ সমন্বিত প্ৰয়াসেৰে আগবাঢ়ি গ'লে এই ক্ষেত্ৰখন অধিক আগুৱাই যাব পাৰিব । এই মন্তব্য় অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ ( VC of Assam Agricultural University)।

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ তৃতীয় দিনা বৃহস্পতিবাৰে অনুষ্ঠিত 'এছিয়ান আৰু মেকং দেশসমূহৰ মাজত কৃষি ব্যৱসায় আৰু বিনিয়োগ' শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় কনক্লেভ উদ্ধোধন কৰি তেওঁ এইদৰে মন্তব্য় কৰে ( International Conference at AAU)।

বিশ্ববিদ্যালয়ৰ ব'ৰ্ড ৰূমত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠকৰ সঞ্চালনাত অনুষ্ঠিত এই সন্মিলনত উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই পুনৰ কয় যে, উত্তৰ-পূৰ্বাঞ্চল আৰু আছিয়ান দেশৰ উদ্যোগীসকলৰ মাজত সক্ৰিয় আদান -প্ৰদানৰ ফলত অঞ্চলটোৰ কৃষি উদ্যোগীসকলে সেই দেশসমূহত কৃষি ব্যৱসায়ৰ পথ বিচাৰি উলিওৱাত সহায় কৰিব । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড৹ জয়ন্ত ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ে এই অঞ্চলৰ শিক্ষাৰ্থী সকলৰ মাজত ব্যৱসায়িক মানসিকতা আৰু ব্যুৎপত্তি গঢ় দিয়াৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে ।

এই উদ্বোধনী অনুষ্ঠানতে "এগ্ৰিপ্ৰেনিয়ৰছ অৱ আছাম " শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয় । উল্লেখ্য যে, এই সন্মিলনত ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, কম্বোডিয়াৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত কৃষি উদ্যোগীৰ লগতে বিশ্বৰ প্ৰসিদ্ধ কৃষি ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

অসমৰ নিৰ্বাচিত ২০ গৰাকী কৃষি উদ্যোগী, অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ২০ গৰাকী কৃষি ব্যৱসায়িক ক্ষেত্ৰত বিশেষভাৱে প্ৰশিক্ষিত অধ্যাপক, গৱেষক, বিজ্ঞানী আৰু ২০গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । এই কনক্লেভত তিনিটা কাৰিকৰী সত্ৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যোগী আৰু অংশীদাৰসকলৰ সৈতে মিলি আন্তঃৰাষ্ট্ৰীয়ভাৱে কৃষি ব্যৱসায়ৰ সম্ভাৱনীয়তা আৰু ব্যৱসায়িক লক্ষ্যত উপনীত হোৱাৰ বাবে উপযুক্ত নীতি আৰু পথ নিৰ্দেশনা প্ৰস্তুত কৰাৰ বাবে এক মঞ্চ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হয় ।

লগতে পঢ়ক:Opposition political party meeting: মাউখে উটিলে মৰণ নাই ! হোটেল লিলিত কংগ্ৰেছসহ 11 টা বিৰোধী দলৰ ৰুদ্ধদ্বাৰ বৈঠক

Last Updated : Apr 28, 2023, 9:32 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.