যোৰহাট, 26 জুন : ৰাজ্য চৰকাৰে গ্ৰাহকৰ পৰা বিদ্যুতৰ মাচুল পৰিশোধ কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মাচুল পৰিশোধ নকৰা গ্ৰাহকৰ বিদ্যুৎ সংযোগ পৰ্যন্ত কৰ্তন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ তাৰ মাজতে এতিয়া বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ ন ন কৌশল অৱলম্বন কৰিছে অসাধু চক্ৰই । এইবাৰ যোৰহাটৰ এটা প্ৰতিষ্ঠানে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ যি কৌশল অৱলম্বন কৰিলে, সেয়া দেখিলে আপোনাৰো চকু কপালত উঠিব ।
ঘটনা অনুসৰি যোৰহাটৰ হাতীগড়ৰ ৰাজলক্ষ্মী এগ্ৰ’ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ বাবে লৈছিল এক অভিনৱ পদ্ধতি । বিদ্যুৎ মিটাৰৰ চাৰ্কিটত আন এক চাৰ্কিট যোগ দি বহুদিন ধৰি হ্ৰাস কৰি আহিছিল বিদ্যুতৰ মাচুল । শনিবাৰে বিদ্যুৎ বিভাগে আকস্মিকভাৱে কৰা তালাচীত ফাদিল হয় এই কাৰচাজি ।
সম্প্ৰতি এই ঘটনা ধৰা পৰাৰ লগে লগে তৎপৰ হৈ পৰিছে বিদ্যুৎ বিভাগ । প্ৰতিষ্ঠানটোৰ মিটাৰ জব্দ কৰাৰ লগতে বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষই ভোগদৈ আৰক্ষী চকীত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তৰিছে গোচৰ । প্ৰতিষ্ঠানটোৱে প্ৰায় ১ কোটি টকাৰ বিদ্যুৎ মাচুল জালিয়াতি কৰাৰ কথা উল্লেখ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ।
যিসকল লোকে এনেধৰণৰ বিদ্যুতৰ মাচুল হ্ৰাস কৰা চাৰ্কিট নিৰ্মাণ কৰিছে, সেইসকল অতি পাৰ্গত আৰু বহিঃৰাজ্যৰ লোক বুলি সন্দেহ কৰিছে বিভাগটোৱে । অৱশ্যে এনেদৰে বিদ্যুতৰ মাচুল হ্ৰাস কৰিব পৰা চাৰ্কিট নিৰ্মাণ কৰা এইসকল লোক প্ৰকৃততে ক'ৰ, সেই বিষয়ে আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব । প্ৰশ্ন হয়, যি সময়ত সাধাৰণ জনতাই বিদ্যুতৰ মাচুল পৰিশোধ নকৰাৰ বাবে মিটাৰৰ সংযোগ কৰ্তন কৰি আন্ধাৰত ৰখাৰ ব্যৱস্থা কৰিছে ৷ সেই সময়তে এনে বৃহৎ উদ্যোগে এইদৰে জালিয়াতিৰে বিদ্যুৎ চুৰি কৰি কোটি কোটি টকাৰ লোকচানৰ সম্মুখীন কৰা বিদ্যুৎ বিভাগে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব মন কৰিবলগীয়া ৷
লগতে পঢ়কঃ পত্নী-পুত্রৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ ঢাপলি মেলিলে অখিল গগৈয়ে