ETV Bharat / state

সংগীতাচাৰ্য শিল্পীপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ

author img

By

Published : Jun 9, 2020, 7:36 PM IST

অসমৰ সাংস্কৃতিক জগতত বাবে এক অপূৰণীয় ক্ষতি । সংগীতাচাৰ্য শিল্পীপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ । মঙলবাৰে বিয়লি দেহাৱসান ঘটে শিল্পীগৰাকীৰ । সমগ্ৰ যোৰহাটৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত পৰিছে শোকৰ ছাঁ ।

indreswar-sharma-pass-away-jorhat
সংগীতাচাৰ্য শিল্পীপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাৰ বিয়োগ

যোৰহাট, ৯ জুন : ১৯৩০ চনৰ ১০ জানুৱাৰীত জন্ম গ্ৰহণ কৰি সুদীৰ্ঘ কৰ্মজীৱন সংগীত সাধক হিচাপে যোৰহাট তথা সমগ্ৰ ভাৰতবৰ্ষতে সংগীতৰ ভোটা তৰা হৈ জিলিকি থকা মহান শিল্পী সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মাদেৱৰ মঙলবাৰে বিয়লি ১ বাজি ১৫ মিনিটত বিয়োগ ঘটে । এইগৰাকী মহান শিল্পীয়ে ১৯৫২ চনত অসম চৰকাৰৰ আৰ্থিক অনুদানেৰে ভায়োলীনত সংগীতৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰোপৰি ১৯৫৬-৫৭ চনৰ সময়চোৱাত লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা ভায়োলীনৰ বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমগৰাকী অসমীয়া ।

১৯৫৮ চনত অসম সংগীত মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰা এইগৰাকী সংগীত শিল্পীয়ে পৰৱৰ্তী সময়ত গুৱাহাটীত স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত সংগীতৰ প্ৰবক্তা হিচাপে যোগদান কৰি ১৯৮৯ চনত কৰ্ম জীৱনৰ সামৰণি মাৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ ৰচিত গীতত কৰা সংগীত ব্যৱস্থাপনাত সন্তুষ্ট হৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰাও উচ্চ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে দিল্লীলৈও আমন্ত্ৰণ লাভ কৰিছিল এইগৰাকী শিল্পীয়ে । শিল্পী পেঞ্চন লাভ কৰা মহান শিল্পী গৰাকীক পেঞ্চনাৰ সন্থাৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল সংগীতপ্ৰাণ উপাধি ।

শিল্পী গৰাকীৰ মৃত্যুৰ সময়ত এজন পুত্ৰ আৰু পত্নীৰ লগতে এৰি থৈ গৈছে এগৰাকী ভগ্নীক। তেখেতৰ মৃত্যুত সমগ্ৰ যোৰহাটৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত পৰিছে শোকৰ ছাঁ।

লগতে চাওকঃ কৰ’ণামুক্ত ঘোষণা কৰা ব্যক্তিৰ শৰীৰত Covid-19ৰ উপস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.