ETV Bharat / state

Illegal hunting of migratory birds : বৰছলা বিলত আৰম্ভ পক্ষী নিধন যজ্ঞ

যোৰহাট জিলাৰ অন্তৰ্গত কেইবাখনো ঐতিহাসিক বিল আৰু জলাশয়ত প্ৰচণ্ড শীতৰ মাজতে লাখ লাখ দেশী-বিদেশী পক্ষীৰ আগমন হৈছে । কিন্তু এই পক্ষীবোৰক একাংশ লোকে হত্যা কৰি ইয়াৰ মাংস ভক্ষণ কৰিছে (Migratory birds killing in Jorhat)। অঞ্চলটোৰ ৰাইজে এই দুষ্কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে লগতে দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰো দাবী জনাইছে ।

author img

By

Published : Jan 17, 2023, 10:39 AM IST

Illegal hunting of migratory birds
বৰছলা বিলত আৰম্ভ পক্ষী নিধন যজ্ঞ
বৰছলা বিলত আৰম্ভ পক্ষী নিধন যজ্ঞ

যোৰহাট,১৭ জানুৱাৰী : শীতৰ আগমনৰ লগে লগে যোৰহাট জিলাৰ বৰছলা, পটিয়াছলা আদি অঞ্চলত এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যায় । প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই আকৰ্ষণ কৰে বিভিন্নজনক । বিশেষকৈ সেই স্থানলৈ অহা দেশী-বিদেশী পক্ষী চাবলৈ বহু লোকে ভিৰ কৰে (Migratory birds in Jorhat)। কিন্তু এতিয়া সংকটত পৰিভ্ৰমী পক্ষীবোৰ । একাংশ দুষ্টচক্ৰই অঞ্চলটোত আৰম্ভ কৰিছে পক্ষী নিধন যজ্ঞ ।

উল্লেখ্য যে যোৰহাট নগৰৰ পৰা কিছু নিলগত থকা নিমাতি অঞ্চলত ১০০ হেক্টৰ ভূমিৰে আৱৰি থকা বৰছলা, পটিয়াছলা, ১নং আৰু ২ নং বিলত প্ৰতিবছৰে দেশী-বিদেশী নানা ধৰণৰ পৰিভ্ৰমী পক্ষীয়ে বাহৰ পাতে । দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ কলকলনিতক মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটো । পৰিভ্ৰমী পক্ষীৰ এই কলকলনি শব্দ অঞ্চলটোৰ ৰাইজক আপ্লুত কৰি আহিছে । লগতে পৰ্যটকসকলকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

কিন্তু হাজাৰ হাজাৰ কিলোমিটাৰ বাট অতিক্ৰম কৰি অহা সেই পক্ষীবোৰ এতিয়া সংকটৰ গৰাহত । কাৰণ একাংশ দুষ্টচক্ৰৰ বাবে এই পৰিভ্ৰমী পক্ষীবোৰ খাদ্যত পৰিণত হৈছে (Illegal hunting of migratory birds)। প্ৰকৃতিৰ কথা চিন্তা নকৰি দুষ্ট প্ৰকৃতিৰ লোকসকলে পক্ষীবোৰ নিধন কৰিবলৈ আৰম্ভ কৰিছে । পক্ষীৰ মাংসৰ ৰমৰমীয়া বেহাও আৰম্ভ কৰিছে দুষ্টচক্ৰটোৱে ।

অঞ্চলটোৰ ৰাইজে জনোৱা মতে যোৰহাট নগৰৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া উক্ত বিল-জলাশয়সমূহত শীতৰ সময়ত দেশী-বিদেশী পৰিভ্ৰমী পক্ষীবোৰৰ আগমন হয় । নিমাতি অঞ্চলত থকা জলাশয় আৰু বিলসমূহত বিশেষকৈ হাড়গিলা, দেওহাঁহ, ৰাজহাঁহ আদিৰ লগতে বিদেশী নানান প্ৰজাতিৰ পক্ষীবোৰ দেখা যায় । থাইলেণ্ড, মালয়েছিয়া, অষ্ট্ৰেলিয়া আদি দেশৰ পৰাৰ এই পৰিভ্ৰমী পক্ষীবোৰ আহে বুলি স্থানীয় লোকসকলে জনাইছে ।

কিন্তু উক্ত জলাশয়সমূহৰ কাষতেই গঢ়ি উঠা বনভোজস্থলী বা পাৰ্কসমূহত নিশালৈ উচ্চ স্বৰত গান বজোৱা আৰু লেজাৰ লাইটৰ ব্যৱহাৰৰ বাবেই পৰিভ্ৰমী পক্ষীবোৰৰ বাবে আন এক বিপদ কঢ়িয়াই আনিছে । ইয়াৰ উপৰিও একাংশ দৃস্কৃতিকাৰীয়ে বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি পৰিভ্ৰমী পক্ষীসমূহ নিধন কৰাৰ লগতে মাংসৰ এক ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছে । এনে পৰিস্থিতিত স্থানীয় ৰাইজ লগতে দল-সংগঠনসমূহে বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে ।

বৰছলা বিল,পটিয়াছলা বিল আদিত যাতে পক্ষীবোৰে সুৰক্ষিতভাৱে বাহৰ পাতিব পাৰে তাৰ বাবে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । লগতে পক্ষী নিধনত জড়িত লোকসকলৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় দল-সংগঠনসমূহে আহ্বান জনাইছে ।

লগতে পঢ়ক :Gamblers Arrested at Goreswar: গোৰেশ্বৰত বিহুৰ দিনাই 9 জুৱৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.