যোৰহাট, 30 জানুৱাৰীঃ পুনৰ কা বিৰোধী প্ৰতিবাদৰ ঢৌত উত্তাল হৈছে ৰাজ্য । বিতৰ্কিত আইনখনৰ বিৰুদ্ধে বৃহস্পতিবাৰে যোৰহাটৰ ৰাজপথত নামিল কা বিৰোধী ঐক্যমঞ্চ । যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক ঐক্যমঞ্চৰ কৰ্মীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ বাবে গ্ৰেপ্তাৰ কৰা কৃষক মুক্তিৰ নেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰিবলৈ প্ৰতিবাদকাৰীসকলে চৰকাৰক দাবী জনাইছে ৷ লগতে কোনো কাৰণত আইনখন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে ঐক্যমঞ্চই । আইনখন বাতিল নোহোৱা পৰ্যন্ত এই গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে কা বিৰোধী ঐক্যমঞ্চই ।
লগতে চাওকঃকৰ’ণা ভাইৰাছৰ বাবে ভাৰতৰ 21 টা বিমান বন্দৰত বিশেষ সতৰ্কতা