ETV Bharat / state

Jorhat Medical College Hospital: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নৱতম সংযোজন HMIS - যোৰহাট চিকিৎসা মহাবিদ্যালয়

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে সংযোগিত হ’ল Hospital Management Information System ৷ এই পদ্ধতিৰ জড়িয়তে ডিজিটেল প্ৰক্ৰিয়াৰে এতিয়াৰে পৰা সমাপন হ’ব চিকিৎসালয়খনপৰ কাম-কাজ ৷ চিকিৎসালয়লৈ অহা লোকৰ কাম খৰতকীয়া কৰাৰ লগতে ঘৰত থাকিয়েই এতিয়াৰে পৰা সকলোৱে চিকিৎসাসেৱা লাভৰ বাবে কৰিব পাৰিব পঞ্জীয়ন ৷

Jorhat Medical College Hospital
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নৱতম সংযোজন Hospital Management Information system
author img

By

Published : Dec 11, 2022, 4:39 PM IST

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নৱতম সংযোজন HMIS

যোৰহাট, 11 ডিচেম্বৰ: ৰাজ্যৰ চিকিৎসাখণ্ডৰ নতুন সংযোজন Hospital Management Information System ৷ দেওবাৰে ৰাজ্যৰ প্ৰথম Hospital Management Information System যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শুভ উদ্বোধন কৰে বিত্তমন্ত্ৰী তথা আৰু যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে(Minister Ajanta Neog) ৷

উল্লেখ্য যে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ দেওবাৰে যোৰহাটত উপস্থিত হয় মন্ত্ৰী অজন্তা নেওগ ৷ তাৰ অংশ স্বৰূপে চিকিৎসা মহাবিদ্যালয়খনত এই পদ্ধতিৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷ ৬৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এই Hospital Management information system ৷

এই ব্যৱস্থাই যোৰহাট চিকিৎসা মহাবিদ্যলয়ৰ বহু সমস্যা সমাধান কৰিব বুলি মত প্ৰকাশ কৰিছে চিকিৎসকসকলে(Jorhat Medical College Hospital) ৷ সম্পূৰ্ণ ডিজিটেল হ’ব এই তথ্য প্ৰণালী ৷ চিকিৎসালয়খনলৈ অহা সকলো ৰোগীয়ে এতিয়াৰে পৰা যাৱতীয় তথ্য এই প্ৰণালীৰ জড়িয়তে লাভ কৰাৰ লগতে সকলো কাম ডিজিটেল প্ৰক্ৰিয়াৰে সমাপন কৰিব পাৰিব ৷

আনহাতে, এই নৱ-সংযোজিত পদ্ধতিয়ে চিকিৎসালয়ত থকা মধ্যভোগী দাললো নোহোৱা কৰিব বুলি মন্তব্য কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ কেৱল সিমানেই নহয়, চিকিৎসালয়ৰ সকলো কাম ক্ষীপ্ৰ গতিত সমাপন হ’ব আৰু বহু কষ্ট লাঘৱ হ’ব বুলিও সংবাদমাধ্যৰ আগত মত প্ৰকাশ কৰিছে মন্ত্ৰী অজন্তা নেওগে ৷ মন কৰিবলগীয়া যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছে এই পদ্ধতি ৷

ইফালে, প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা বছৰি এহাজাৰ চিকিৎসক গঢ়ি তোলা চৰকাৰৰ লক্ষ্য বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ৰোগীক দেখুৱাবলৈ এটা নিৰ্দিষ্ট ম’বাইল এপৰ যোগেদি ঘৰৰ পৰাই পঞ্জীয়ন কৰিব পাৰিব বুলি সদৰী কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ এসপ্তাহৰ ভিতৰতে সকলো ৰাইজে লাভ কৰিব পাৰিব এই এপৰ সুবিধা ৷

লগতে পঢ়ক: Satellite Township in Assam: নগাঁও কাগজ কলক উপগ্ৰহীয় চহৰ গঢ়াৰ পৰিকল্পনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.