যোৰহাট,28 জুলাইঃ "মোক ৰাতিটোৰ বাবে ওভোটাই দিয়া মোৰ ল’ৰালি,আইৰ কোলাত আকৌ এবেলি শুম; লাই হালে জালে আবেলি বতাহে৷মোৰ সোঁৱৰণী গুমৰি উঠে নিৰন্ন-সময়ৰ সুগন্ধ তেজৰ প্ৰবাহে প্ৰবাহে" ৷
এটা মাথো অজুহাত পালেই গুচি যাব বিচৰা এজন খেয়ালি মানুহ। মানুহ জনেই আছিল এটা কবিতা। মিচিকিয়া হাঁহি,চন্দহীন খোজ,উদাস দৃষ্টি আৰু বগা চুলি কোচাৰ মানুহজনেই হ'ল হীৰেন ভট্টাচাৰ্য ৷ সুগন্ধি পখিলাৰ কবি গৰাকীৰ আজি 88 সংখ্যক ওপজা দিন৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কবিগৰাকীয়ে নিজৰ শৈশৱ পাৰ কৰা বাসগৃহটো পালন কৰা হয় জন্মদিন৷
এসময়ত যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধ্যক্ষৰ বাসগৃহত আছিল সুগন্ধি কবিগৰাকী ৷ হীৰু দাৰ স্মৃতি বিজড়িত গৃহটোত আজি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক চম্পাকলী বৰদলৈয়ে নিজাকৈ পালন কৰিলে কবিগৰাকীৰ বিশেষ দিনটো। ২০১৮ চনতে কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীয়ে নিৰ্মাণ কৰি উলিওৱা হীৰু দাৰ বিশেষ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে অধীক্ষক গৰাকীয়ে । কিন্তু পৰিতাপৰ কথা যে,সংৰক্ষণৰ অভাৱত উৱলি গৈছে হীৰু দাৰ শৈশৱৰ এই বাসগৃহটো ৷
![Hiren Bhattacharya's birthday celebrated in his childhood memories house](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-28july-a-memorable-house-story-vis-byte-7203853_28072020143356_2807f_01230_671.jpg)
উল্লেখযোগ্য যে,প্ৰতিটো বৰ্ষতে এই দিনটোত বাসগৃহটো প্ৰাণ পাই উঠে,কিন্তু এইবাৰ ব্যতিক্ৰম হ'ল । কাৰণ ক'ৰণা সংক্ৰমণৰ লগতে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ৮ জনকৈ হাজোতীৰ দেহত ক'ভিড 19ৰ অৱস্থিতি ধৰা পৰা পাছত এইবাৰ নিস্তব্ধ হৈ পৰিল হীৰুদাৰ স্মৃতি বিজড়িত বাসগৃহটো ।