ETV Bharat / state

Felicitation of police Jawan:আৰক্ষী জোৱানক বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ - CM Himanta Biswa Sarma felicitated police Jawan

দেৰগাঁৱত অধিনায়ক সকলৰ সন্মিলন সম্পন্ন (Assam Police Training in Dergaon)। লাচিত বৰফুকন পুলিচ একাডেমীত আয়োজন কৰা এই সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ।

Lachit Borphukan Police Academy in Dergaon
দেৰগাঁৱত অধিনায়ক সন্মিলন
author img

By

Published : May 22, 2023, 5:34 PM IST

দেৰগাঁৱত অধিনায়ক সন্মিলন

যোৰহাট, ২১ মে':সোমবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আয়োজন কৰা হয় অধিনায়ক সকলৰ সন্মিলন (Lachit Borphukan Police Academy in Dergaon)। এই সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা আৰক্ষী জোৱানক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জ্ঞাপন কৰে (CM Himanta Biswa Sarma felicitated police Jawan)।

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পিচতেই আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানৰ (police jawan felicitated in Dergaon)। মুখ্যমন্ত্ৰীগৰাকীয়ে পেৰেড গ্ৰাউণ্ডত অসম আৰক্ষীৰ জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছতে জোৱানসকলৰ দু:সাহসিক ক্ৰীড়া আৰু অন্যান্য অস্ত্ৰ চালনাৰ মুহুৰ্ত প্ৰত্যক্ষ কৰে । ইয়াৰ সৈতে সংগতি ৰাখি মটৰচাইকেলৰ দুঃসাহসিক ক্ৰীড়াৰো আয়োজন কৰা হয় ।

এই সময়তে গৃহ বিভাগৰ দায়িত্বত থকা ২০২০-২১ চনত অসম আৰক্ষীৰ প্ৰশিক্ষণত বিশেষভাৱে পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আৰক্ষী জোৱানসকলক বিভিন্ন ৰাজ্যিক আৰু অন্যান্য বিশেষ বঁটা প্ৰদান কৰা হয় (Police Training College in Dergaon)। তদুপৰি কেন্দ্ৰীয়ভাৱেও এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই কাৰ্যসূচীৰ পিচতেই অসম আৰক্ষীৰ বিশেষ কক্ষত অনুষ্ঠিত অধিনায়কসকলৰ সন্মিলনত আৰক্ষী বাহিনীসমূহৰ অধিনায়কসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । (Cm visits Police Academy)

উল্লেখযোগ্য যে,এই অধিনায়কসকলৰ সন্মিলনত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং । উক্ত সন্মিলনত মুখ্যমন্ত্ৰীয়ে অধিনায়কসকলক বিভিন্ন বিষয়ক লৈ তেওঁলোকৰ পৰা মতামত গ্ৰহণ কৰাৰ লগতে বিভিন্ন বিষয় সম্পৰ্কে আলোচনা মিলিত হয় । লগতে আৰক্ষী জোৱানসকলক ৰাজ্যৰ বিশেষ প্ৰেক্ষাপটৰ লগত আগৱাঢ়ি যোৱাৰ বিভিন্ন কৌশল অধিনায়ক সকলক গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শও আগবঢ়ায় । আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন কাৰ্যসূচীৰে উজনি অসম ভ্ৰমণ লৈ আহিছে ।

লগতে পঢ়ক:Assam HSLC result 2023:নলবাৰীত মৃগাংক, ৰিস্মিতা ও হৃষিকেশকে ধৰি মুঠ আঠগৰাকী শিক্ষাৰ্থীৰ সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.