ETV Bharat / state

টীয়কত হোম কোৱাৰেণ্টাইনত থকা লোকক খাদ্য সামগ্ৰীৰ যোগান - টীয়ক সমষ্টিৰ বিধায়িকা

টীয়কত হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান ধৰিলে অগপ আৰু বিজেপিৰ কৰ্মকৰ্তাসকলে । টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ নিৰ্দেশতে পৰিয়ালকেইটাৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।

Food item distribution in Teok
টীয়কত হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান বিধায়িকাৰ
author img

By

Published : Jun 4, 2021, 9:06 AM IST

টীয়ক, ৪ জুন: ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও ভয়াৱহ অৱস্থাতে আছে । ক'ভিড আক্ৰান্তৰ সংখ্যা অধিক থকাৰ বাবে বহু অঞ্চল কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে । যিসকল ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে তেওঁলোকে বাহিৰত ওলাই যাব পৰা নাই বাবে খাদ্য সামগ্ৰী সংকটত ভূগিছে ।

এনে পৰিয়ালবোৰৰ সমস্যাৰ কথা অনুধাৱন কৰি টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সিদ্ধান্ত লয় । বিধায়িকাগৰাকীৰ নিৰ্দেশতে কোৱাৰেণ্টাইনত থকা কেইবাটাও পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে সমষ্টিটোৰ অগপ আৰু বিজেপিৰ কৰ্মকৰ্তাসকলে ।

বহু কেইটা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক চাউল, দাইল, আলু, পিয়াঁজ, মিঠাতেল, নিমখ আদি সামগ্ৰী যোগান ধৰাৰ লগতে মাস্কো যোগান ধৰে । লগতে চৰকাৰে জাৰি কৰা ক'ভিড বিধি অৱলম্বন কৰিবলৈ সকলোকে আহ্বান জনায় কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক:নামৰূপত সাজি উলিওৱা হৈছে 50 খন বিছনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.