ETV Bharat / state

বাঁহী নিৰ্মাণ কৰি স্বাৱলম্বী হৈছে তিতাবৰৰ চন্দন শইকীয়া - সদৌ অসম ছাত্ৰ সন্থা

সততে ব্যৱহাৰ হৈ থকা বাদ্যযন্ত্ৰ নিৰ্মাণ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ উদাহৰণ দাঙি ধৰি ধৰিছে তিতাবৰৰ চন্দন শইকীয়াই । পঞ্জাৱ, কলকাতা আদি ঠাইৰ লগতে বিদেশলৈও ৰপ্তানি হয় চন্দন শইকীয়াই নিৰ্মাণ কৰা বাঁহী । কেৱল বাঁহী নিৰ্মাণ কৰা নহয়, বাঁহীত মন জুৰ পেলোৱা সুৰ তোলাতো পাৰ্গত ব্যক্তিগৰাকী ।

Flute maker Chandan Saikia
বাঁহী নিৰ্মাণ কৰি স্বাৱলম্বী হৈছে তিতাবৰৰ চন্দন শইকীয়া
author img

By

Published : Aug 8, 2021, 12:33 PM IST

তিতাবৰ, 8 আগষ্ট : বাঁহীৰ সুৰ বেয়া পোৱা মানুহ চাগে নোলাব । বাঁহীৰ সুমধুৰ সুৰে মন-প্ৰাণ শাঁত পেলায় । সংগীতৰ সৈতে জড়িত লোকসকলে ভালদৰে অনুভৱ কৰিব পাৰে বাঁহীৰ প্ৰয়োজনীয়তা কিমান । এতিয়া এই শ্ৰুতিমধুৰ সুৰ তোলা বিভিন্ন ধৰণৰ বাঁহী নিৰ্মাণ কৰি স্বাৱলম্বী হোৱাৰ পথ বিচাৰি পাইছে তিতাবৰৰ মিলন নগৰৰ চন্দন শইকীয়াই ।

বাঁহী নিৰ্মাণ কৰি স্বাৱলম্বী হৈছে তিতাবৰৰ চন্দন শইকীয়া

বাঁহেৰে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ বাঁহী বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে তেওঁ নৱপ্ৰজন্মকো জীৱিকাৰ অৰ্জনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে । অসমীয়া সংস্কৃতিৰ উত্তৰণৰ স্বাৰ্থত তথা নৱ প্ৰজন্মক বাঁহীবাদনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সম্প্ৰতি তিতাবৰৰ প্ৰায় ৩০ জনীয়া এটা দলক বাঁহীবাদনৰ প্ৰশিক্ষণ দি আছে চন্দন শইকীয়াই ।

অসমৰ জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মাকে ধৰি বহু শিল্পীয়ে চন্দন শইকীয়াই নিৰ্মাণ কৰা বাঁহীত সুৰৰ লহৰ তুলি খ্যাতি অৰ্জন কৰিছে । পঞ্চসুৰ প্ৰতিষ্ঠানেও তেওঁৰ শিল্পকৰ্মক স্বীকৃতি দিছে ।

সদৌ অসম ছাত্ৰ সন্থা, জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চ আদিয়ে তেওঁ সম্বৰ্ধনা জনাই এই কামৰ প্ৰতি উৎসাহিত কৰি আহিছে ।

অসমৰ প্ৰায়বোৰ জনগোষ্ঠীয়েই বাঁহীৰ ব্যৱহাৰ কৰে । অৱশ্যে জনগোষ্ঠী বিশেষে নামৰ প্ৰভেদ থাকে । তথাপিও অসমত বাঁহীৰ চাহিদা আছে । লোক সংগীতৰ ক্ষেত্ৰত বাঁহীৰ ব্যৱহাৰ আটাইতকৈ বেছিকৈ কৰা যায় ।

এতিয়া অসমৰ লোকক থলুৱাভাৱে নিৰ্মিত বাঁহী যোগান ধৰিবলৈ এইদৰে বাঁহী নিৰ্মাণ কৰিছে চন্দন শইকীয়াই । থলুৱাভাৱে উপলব্ধ বাঁহেৰে উৎকৃষ্ট মানৰ বাঁহী নিৰ্মাণ কৰি ব্যৱসায়িক দিশ ভাল কৰাৰ লগতে এই শিল্পকৰ্মক আগবঢ়াই নিবলৈও তেওঁ সংকল্প লৈছে ।

লগতে পঢ়ক: সপ্তাহটোৰ ৰাশিফল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.