ETV Bharat / state

বেকাজান নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে অসম-নাগালেণ্ড সীমান্ত

ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাতো বাঢ়নী পানীয়ে এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে ৷ জিলাখনত বানপানীয়ে তাণ্ডৱ চলাই থকাৰ মাজতে মঙলবাৰে তিতাবৰ মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্ত বেকাজান নদীৰ পানীয়ে পুনৰ প্লাৱিত কৰি তোলে 5 খনকৈ গাঁও ৷ লগতে,পানীয়ে বুৰাই পেলাইছে বেকাজান আৰক্ষী চকী ৷ যাৰফলত জহি-খহি যোৱা আৰক্ষী চকীখন এৰি আৰক্ষীৰ লোকে আশ্ৰয় ল'ব লগা হৈছে বজাৰ গৃহত ৷ তিতাবৰ মহকুমা প্ৰশাসনক বাৰাম্বাৰ অনুৰোধ জনোৱাৰ পিচতো ৰাইজৰ খবৰ নকৰাৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ ৷

author img

By

Published : Jul 28, 2020, 5:14 PM IST

FLOOD AFFECTED AREA IN ASSAM JORHAT
বেকাজান নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰি তুলিছে অসম-নাগালেণ্ড সীমান্ত

যোৰহাট, 28 জুলাই : ত্ৰমাৎ জটিল হৈছে ৰাজ্যৰ বান পৰিস্থিতি ৷ প্ৰতিদিনেই বানপানীত বুৰ গৈছে নতুন-নতুন অঞ্চল ৷ ইতিমধ্যে,বানাক্ৰান্ত ৰাইজে ঘৰ-মাটি এৰি মথাউৰি বা আশ্ৰয় শিবিৰত বাস কৰাৰ উপক্ৰম হৈছে ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাতো পানীয়ে এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে ৷

জিলাখনত বানপানীয়ে তাণ্ডৱ চলাই থকাৰ মাজতে মঙলবাৰে তিতাবৰ মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্ত বেকাজান নদীৰ পানীয়ে পুনৰ প্লাৱিত কৰি তোলে 5 খনকৈ গাঁও ৷ লগতে,পানীয়ে বুৰাই পেলাইছে বেকাজান আৰক্ষী চকী ৷ যাৰফলত জহি-খহি যোৱা আৰক্ষী চকীখন এৰি আৰক্ষীৰ লোকে আশ্ৰয় ল'ব লগা হৈছে বজাৰ গৃহত ৷

আনহাতে,এই পানীত বুৰ গৈছে বেকাজান প্ৰাথমিক বিদ্যালয়খন ৷ ইফালে,পানীত জাহ গৈছে অঞ্চলটোৰ 100 টা পৰিয়ালৰ খেতি মাটি ৷ বানপানীত ৰাইজৰ বিস্তৰ ক্ষয়-ক্ষতিৰ পিচতো তিতাবৰ মহকুমা প্ৰশাসনক বাৰাম্বাৰ অনুৰোধ জনোৱাৰ পিচতো ৰাইজৰ খবৰ নকৰাৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ ৷

উল্লেখ্য যে,ৰাজ্যৰ 64 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 1,966 খন গাঁও ৷ তদুপৰি ৰাজ্যত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে 20,04,017 গৰাকী ব্যক্তি ৷ আনহাতে বানত বিনষ্ট হৈছে 96,452.20 হেক্টৰ কৃষি ভূমি ৷ বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা হৈছে 259 টা সাহায্য শিবিৰ ৷ এই শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰিছে 45,550 গৰাকী বানাক্ৰান্তই ৷ বানত নিহতৰ সংখ্যা বৃদ্ধি পাইছে 103 গৰাকীলৈ ৷

লগতে পঢ়ক : বন বিভাগৰ তৎপৰতাত জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.