ETV Bharat / state

National Karate Championship:উত্তৰ প্ৰদেশত কাৰাটে চেম্পিয়নশ্বিপত উজলিল মৰিয়নি

author img

By

Published : May 28, 2023, 2:23 PM IST

ইনষ্টিটিউট অৱ শ্বটোকান কাৰাটে ইউনাইটেডৰ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ৯টাকৈ সোণৰ পদক দখলেৰে মৰিয়নিৰ খেলুৱৈয়ে কঢ়িয়াই আনিলে গৌৰৱ (ISKU karate)।

Gold Medal in National Karate Championship
ইনষ্টিটিউট অৱ শ্বটোকান কাৰাটে ইউনাইটেড
ইনষ্টিটিউট অৱ শ্বটোকান কাৰাটে ইউনাইটেড

যোৰহাট, ২৮ মে': উত্তৰ প্ৰদেশৰ মীৰাটত সম্পন্ন হৈছে ইনষ্টিটিউট অৱ শ্বটোকান কাৰাটে ইউনাইটেডৰ উদ্য়োগত আয়োজিত ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ । এই প্ৰতিযোগিতাখনিত দেশৰ কেইবাখনো ৰাজ্য়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । এই ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজলিল অসমৰ খেলুৱৈ (Gold Medal in National Karate Championship)। ইনষ্টিটিউট অৱ শ্বটোকান কাৰাটে ইউনাইটেডৰ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজলিল অসমক প্ৰতিনিধিত্ব কৰা মৰিয়নিৰ খেলুৱৈ ।

ইনষ্টিটিউট অৱ শ্বটোকান কাৰাটে ইউনাইটেডৰ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত কাটা আৰু কুমিট শাখাত ৯টাকৈ সোণৰ পদক দখলেৰে মৰিয়নিৰ খৈলুৱৈসকল । এই প্ৰতিযোগিতাত উজলি উঠাত একপ্ৰকাৰ আনন্দ বন্যা বৈছে মৰিয়নি সমষ্টিত (Felicitation of Karate player in Mariani)। দেওবাৰে ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰা খেলুৱৈক বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰা হয় ।

মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে খেলুৱৈক বিশেষ সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে (MLA Rupjyoti Kurmi)। যোৱা ২০ আৰু ২১ মে'ত উত্তৰ প্ৰদেশৰ মীৰাট চহৰত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০২৩ত অংশগ্ৰহণ কৰি মৰিয়নিৰ ৯ জনকৈ খেলুৱৈয়ে সোণৰ পদক লাভ কৰাৰ লগতে অসমক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে । পদক প্ৰাপ্ত খেলুৱৈ সকলক দেওবাৰে মানপত্ৰৰ লগতে বিশেষ উপহাৰ আদিৰে অভিনন্দন আৰু সম্বধনা জনাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

মৰিয়নি মহাবিদ্যালয়ৰ চৌহদত থকা মৰিয়নি মাৰ্চিয়েল আৰ্ট এছোচিয়েচনৰ ল'জত এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় । আজি এই অনুষ্ঠানত মৰিয়নি মহাবিদ্যালয়ৰ অধ্য়ক্ষ ড৹হৰেন গোৱালা ,চিনামৰা মহাবিদ্যালয়ৰ অধক্ষ্য ৰঞ্জন শইকীয়া ,মৰিয়নি ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্তকে প্ৰমুখ্য কৰি যথেষ্ট সংখ্যক লোক উপস্থিত থাকে । বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কাৰাটে খেলক অসম অলিম্পিকৰ স্বীকৃতিপ্ৰাপ্ত খেলৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে বিশেষ ক্ৰীড়া নীতিত কাৰেটে খেলক অন্তৰ্ভুক্ত কৰা হোৱা নাই। সেয়েহে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উক্ত খেলবিধ বিশেষ ক্ৰীড়া নীতিত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় বিধায়ক ৰূপজোতি কুৰ্মীয়ে । তেওঁ কয় যে অসমৰ চুকে কোনে বহু প্ৰতিভাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:Social Harassment: সুলভ মূল্যত ঔষধ বিক্ৰী কৰাৰ বাবেই হ’ল এঘৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.