ETV Bharat / state

ভাৰত বন্ধৰ প্ৰভাৱ :প্ৰতিবাদত বহিল যোৰহাটৰ ব্যৱসায়ী

author img

By

Published : Sep 25, 2020, 3:23 PM IST

Updated : Sep 25, 2020, 4:06 PM IST

বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতাৰে শুকুৰবাৰে দেশজুৰি ভাৰত বন্ধৰ আহ্বান কৰিছিল দেশৰ 25 টাকৈ কৃষক সংগঠনে ৷ দেশজুৰি তীব্ৰ প্ৰতিবাদৰ জৰিয়তে বিধেয়কখন বাতিলৰ আহ্বান ৰাইজৰ ৷ অসমতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ যোৰহাট জিলাতো প্ৰতিষ্ঠান খুলি ৰাখি ব্যৱসায়ী সকলে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Farmers groups call for Bharat Bandh against agriculture legislation on September 25
ভাৰত বন্ধৰ প্ৰভাৱ :প্ৰতিবাদত বহিল যোৰহাটৰ ব্যৱসায়ী

যোৰহাট, 25 ছেপ্তেম্বৰ : 18 টাকৈ ৰাজনৈতিক দলৰ প্ৰতিবাদৰ পাচতো সংসদত কৃষি বিধেয়ক গৃহীত হোৱা বাবে দেশৰ প্ৰায় 25 টা কৃষক সংগঠনে শুকুৰবাৰে ভাৰত বন্ধৰ ঘোষণা কৰিছে ৷ সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ভাৰত বন্ধৰ কাৰ্যসূচী ৷ সকলোৱে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে ৷ দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতাৰে বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷

কিন্তু যোৰহাট জিলাত ব্যতিক্ৰমী ৰূপত ভাৰত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ ব্যৱসায়ীসকলে বন্ধৰ সমৰ্থন কৰিছে যদিও ব্যৱসায়ৰ স্বাৰ্থত তেওঁলোকে প্ৰতিষ্ঠান খুলি ৰখা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিছে ৷

তেওঁলোকে জনোৱা অনুসৰি, ক'ভিড-19 ৰ বাবে দেশজুৰি বলবৎ হোৱা লক ডাউনৰ বাবে তেওঁলোক যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল ৷ বৰ্তমান কিছু পৰিমাণে লক ডাউন শিথিল হোৱাত ব্যৱসায়ীসকলে কিছু পৰিমাণে সকাহ পাবলৈ সক্ষম হৈছে যদিও তেওঁলোকে পুনৰ বন্ধৰ নামত প্ৰতিষ্ঠান বন্ধ ৰখাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য প্ৰদান কৰে ৷ যাৰ বাবে তেওঁলোকে বন্ধৰ সমৰ্থন কৰিও ব্যৱসায় প্ৰতিষ্ঠান খুলি ৰাখিছে বুলি মন্তব্য প্ৰদান কৰিছে ৷

লগতে পঢ়ক : ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱঃনিৰ্মাণ প্ৰতিষ্ঠানে আৰম্ভ কৰিলে পথ মেৰামতিৰ কাম

উল্লেখ্য যে, লোকসভাত এই বিধেয়ক গৃহীত কৰাৰ পাছতে পঞ্জাৱ-হাৰিয়ানাৰ কৃষক সমাজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, এই বিধেয়কৰ পৰিপ্ৰেক্ষিতত NDA চৰকাৰৰ পৰা পদত্যাগ কৰিছে শিৰোমণি আকালি দলৰ প্ৰতিনিধি হৰছিমৰাত কৌৰ বাদলে ৷

কিন্তু এই বিতৰ্কৰ পিচতো ৰাজ্যসভাত এই বিধেয়ক উত্থাপন কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে । বিধেয়কক লৈ চলি থকা বিতৰ্কত অংশগ্ৰহণ কৰি বিৰোধী দল কংগ্ৰেছে এই বিধেয়কক কৃষকৰ আত্মহত্যাৰ দলিল আখ্যা দিছে । এই বিধেয়ক উত্থাপনৰ পিচতে ইয়াক নস্যাৎ কৰাৰ কথা প্ৰকাশ কৰি কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ প্ৰতাপ সিং বাজৱাই তীব্ৰ বিৰোধ কৰা পৰিলক্ষিত হৈছে ।

কংগ্ৰেছৰ অভিযোগ অনুসৰি, ই বিধেয়ক গৃহীত হ’লে কৰ্প’ৰেট প্ৰতিষ্ঠানবোৰে কৃষি ভূমি হস্তগত কৰিব ৷

লগতে পঢ়ক : নগাঁৱৰ চামগুৰিত ৰকিবুল,নুৰুল হুদাক কটাক্ষ সত্যৰঞ্জন বৰাৰ

Last Updated : Sep 25, 2020, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.