ETV Bharat / state

ৰোগীৰ blood test ৰ নামত ভূৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

author img

By

Published : Jul 5, 2021, 2:10 PM IST

যোৰহাটত ৰোগীৰ ব্লাড টেষ্ট (Blood Test)ৰ নামত ভূৱা ৰিপ’ৰ্ট প্ৰদান একাংশ পেথ’ল’জিকেল লেব’ৰেটৰীৰ ৷ একাংশ লেব’ৰেটৰীয়ে নিয়োগ কৰা এজেণ্টে সংগ্ৰহ কৰা ৰোগীৰ তেজ পৰীক্ষাৰ ৰিপ’ৰ্ট হৈছে ভূৱা । যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল(JMCH) কৰ্তৃপক্ষৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ।

fake-blood-test-report-providing
যোৰহাটত ভুৱা ব্লাড টেষ্ট ৰিপ’ৰ্ট প্ৰদান

যোৰহাট, 5 জুলাই : যোৰহাটত ৰোগীৰ ব্লাড টেষ্ট (Blood Test)ৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ৰোগীৰ ব্লাড টেষ্টৰ নামত ভূৱা ৰিপ’ৰ্ট প্ৰদান কৰি আহিছে একাংশ পেথ’লজিকেল লেব’ৰেটৰীয়ে ৷ এই তথ্য ধৰা পেলাইছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল(JMCH) কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰতিষ্ঠা হোৱাৰ পাচৰে পৰা যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা হৈছে বহু পেথ’লজিকেল লেব’ৰেটৰী ৷ একাংশ লেব’ৰেটৰীত নিয়োজিত এজেণ্টে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগীৰ কাষ চাপি বিভিন্ন পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে তেজ ৷ কিন্তু এনেদৰে বাহিৰত পৰীক্ষা কৰিবলৈ নিয়া বহু তেজ পৰীক্ষাৰ ৰিপ’ৰ্টেই হৈছে ভূৱা । যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ।

যোৰহাটত ভুৱা ব্লাড টেষ্ট ৰিপ’ৰ্ট প্ৰদান

আইচিইউ (ICU)ত ভৰ্তি হৈ থকা বা গুৰুতৰভাৱে ৰোগাক্ৰান্ত লোকৰ স্বাস্থ্যৰ অৱস্থাৰ সৈতে মিল নথকা তেজ পৰীক্ষাৰ ৰিপ’ৰ্ট লাভ কৰি হতভম্ব হৈ পৰিছে চিকিৎসক । এনে লেব’ৰেটৰীসমূহত পৰীক্ষা কৰাবলৈ ৰোগীক প্ৰলোভিত কৰা এগৰাকী কৰ্মচাৰীক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে । JMCH ত নিয়োজিত একাংশ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধেও উঠিছে সন্দেহৰ আঙুলি ৷

একাংশ লেব’ৰেটৰীয়ে যোৰহাটত চলাই অহা এই বিসংগতিপূৰ্ণ ৰিপ’ৰ্টৰ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই যোৰহাট জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে ৷ উক্ত ঘটনা সন্দৰ্ভত যোৰহাট জিলা প্ৰশাসনে এই সন্দৰ্ভত অনুসন্ধান চলাবলৈ এটা বিশেষ দল গঠন কৰিছে । চৰকাৰৰ স্বাস্থ্য বিভাগৰ এনে ধৰণৰ লেব’ৰেটৰীসমূহৰ ওপৰত বিশেষ কোনো নিয়ন্ত্ৰণ নথকা বাবেই এনে ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি চৰ্চা আৰম্ভ হৈছে সচেতন মহলৰ মাজত ৷

লগতে পঢ়ক : কলিয়াবৰত বৃহৎ পৰিমাণৰ সুৰা জব্দ: আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.