যোৰহাট,27 জানুৱাৰীঃ প্ৰাক্তন বিধায়িকা আৰতি কছাৰী আৰু নাই। দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি কছাৰী হৃদৰোগত আক্ৰান্ত হৈ বুধবাৰে পুৱতি নিশা ইহলীলা সম্বৰণ কৰে । উল্লেখযোগ্য যে,দেৰগাঁও বিধানসভা সমষ্টি বিধায়িকা গৰাকীয়ে কংগ্ৰেছৰ হৈ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ লগতে বিভিন্ন সামাজিক কামৰ লগত জৰিত আছিল ।
ইপিনে যোৱা ২৬ জানুৱাৰী লৈ দলীয় সভাত ব্যস্ত থকা প্ৰাক্তন বিধায়িকা গৰাকীৰ হঠাৎ মৃত্যু য়ে শোক শোকস্তব্ধ কৰি তুলিছে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী সকলক। সম্প্ৰতি দেৰগাঁৱৰ নিজা বাসগৃহত মৃতদেহ ৰখা হৈছে আৰু আজি বিয়লিৰ ভাগত দেৰগাঁৱৰ ৰাজহুৱা শ্মশানত শেষকৃত সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, প্ৰাক্তন বিধায়িকা গৰাকীৰ মৃত্যুত সমগ্ৰ দেৰগাঁৱতে শোকৰ ছাঁ পৰিছে । বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়িকা গৰাকীৰ মৃত্যুত । ২০১১ ৰ পৰা ২০১৬ চনলৈকে দেৰগাঁও সমষ্টিৰ বিধায়িকাৰ আসন অলংকৃত কৰা আৰতি হাজৰিকা কছাৰী আছিল অসম চৰকাৰৰ সংসদীয় সচিব । বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকাৰ দায়িত্বত থকা প্ৰয়াত নেত্ৰী গৰাকী পূৰ্বতে দেৰগাওঁ নগৰ সমিতিৰ সভানেত্ৰী দায়িত্ব পালন কৰিছিল ।
লগতে পঢ়কঃ বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান