যোৰহাট,30 জুনঃ যোৰহাটৰ বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সকলোৰে চকু কঁপালত তুলিছে । লক ডাউনৰ গইনা লৈ চহৰখনৰ একাংশ অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে নিতান্তই প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য ৷ আলুৰ দামেও জুৰুলা কৰিছে সাধাৰণ ৰাইজক ৷
উল্লেখযোগ্য যে,গুৱাহাটীৰ লক ডাউনৰ সুবিধা লৈ যোৰহাটৰ একাংশ অসাধু আলু পাইকাৰী ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে মূল্য ৷ আনহাতে,যোৰহাট জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই চহৰখনৰ মাৰোৱাৰী ঠাকুৰ বাৰীৰ সন্মুখত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে ।
এই প্ৰতিবাদৰ পাচতো যদি জিলা প্ৰশাসনে অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে অনাগত সময়ত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ।
লগতে পঢ়ক : বৰখলা আৰক্ষীৰ জালত ভুৱা চিআইডি বিষয়া