ETV Bharat / state

যোৰহাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ আটক 3

দেওবাৰে নিশা বিশেষ সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আৰু নগদ ধনসহ তিনিজনক আটক কৰে যোৰহাট আৰক্ষীৰ ৷ সম্প্ৰতি আটকাধীন তিনিওজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

author img

By

Published : May 24, 2021, 10:20 AM IST

Updated : May 24, 2021, 10:56 AM IST

drugs with three person arrested at jorhat
যোৰহাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ আটক তিনিজন

যোৰহাট,24 মে’ : যোৰহাটত দেওবাৰে নিশা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আৰু নগদ ধনসহ তিনিজনক আটক কৰে আৰক্ষীয়ে ৷ বিশেষ সূত্ৰৰ পম খেদি যোৰহাটৰ মাছৰ হাটৰ সঞ্জয় শইকীয়া নামৰ যুৱকজনৰ ঘৰত তালাচী চলাই 13 গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে যোৰহাট আৰক্ষীয়ে ৷

আনহাতে আটকাধীন সঞ্জয় শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত তিতাবৰৰ বৰগুৰিৰ পৰা আটক কৰা হয় অংকুৰ দাস আৰু বিতু দাস নামৰ আন দুজন যুৱকক ৷ দুয়োজনৰ পৰা প্ৰায় 16 কিলোগ্ৰাম গাঞ্জা সহ নগদ 2 লাখ 10 হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷ বৰ্তমান তিনিওজনকে যোৰহাট আৰক্ষীয়ে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৰঙিয়াৰ বালাগাঁৱত লক্ষাধিক টকাৰ ড্ৰাগছসহ এজনক আটক

Last Updated : May 24, 2021, 10:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.