টীয়ক,13 জুলাই: কৰ’ণা ভাইৰাছৰ বিপৰীতে এতিয়া যেন একপ্ৰকাৰ আতংকৰ কাৰণ হৈ পৰিছে ৰাজ্য়ৰ বান পৰিস্থিতি ৷ যোৰহাট জিলাৰ টীয়কত ক্ৰমাৎ শোচনীয় হৈ পৰিছে বান পৰিস্থিতি ৷ বানাক্ৰান্ত লোকসকলে সম্প্ৰতি আশ্ৰয় গ্ৰহণ কৰিছে অস্থায়ী বান শিবিৰত ৷ বৃহত্তৰ টীয়কৰ জাঁজীমুখৰ বজাৰ গৃহতো স্থাপন কৰা হৈছে অস্থায়ী আশ্ৰয় শিবিৰ ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে অধিকাংশ এলেকা জলমগ্ন কৰাৰ পিছত সম্প্ৰতি শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা ৰাইজৰ মাজত দেখা দিছে খাদ্য সংকটে ৷
ইপিনে,অন্য এক সমস্যাৰ সন্মুখীন হৈছে শিবিৰবাসী ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা সকলো নীতি-নিৰ্দেশনা ভংগ কৰা পৰিলক্ষিত হৈছে আশ্ৰয় শিবিৰত ৷ বানাক্ৰান্তসকলে উপযুক্ত ঠাইৰ অভাৱত একেখন বিচনাতে কটাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে শিবিৰত ৷ মুঠৰ ওপৰত চৰকাৰী নিৰ্দেশনা অসাৰ প্ৰতিফলিত হৈছে আশ্ৰয় শিবিৰসমূহত ৷ বৰ্তমান খাদ্যৰ অভাৱত জীৱন কটাবলগীয়া হোৱা শিবিৰবাসীয়ে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷
লগতে চাওকঃ ভৰা লুইতৰ পৰা উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ