ETV Bharat / state

Karam Puja as govt holiday : 25 ছেপ্টেম্বৰত পেইড হলিডে’ ঘোষণা ৰাজ্য চৰকাৰৰ - চৰকাৰী বন্ধ ঘোষণা

বহু প্ৰতিবাদ আৰু ক্ষোভৰ অন্তত অৱশেষত অসম চৰকাৰে মানি ল’বলৈ বাধ্য হ’ল চাহ শ্ৰমিকৰ দাবী ৷ চাহ বাগিচাৰ শ্ৰমিকে কৰম পূজাত পেইড হলিডে’ লাভ কৰাৰ পৰিবৰ্তে পৰৱৰ্তী যি কোনো এটা দেওবাৰে অথবা অন্য বন্ধৰ দিনত কাম কৰি দিয়াৰ বাবে দিয়া নিৰ্দেশনা ইতিমধ্যে উঠাই লৈছে ৰাজ্য চৰকাৰে ৷ এই বাতৰি লাভ কৰাৰ পাচতে আনন্দিত হৈ পৰিছে চাহ শ্ৰমিকসকল ৷

Karam Puja as govt holiday
অৱশেষত অসম চৰকাৰে মানি ল’বলৈ বাধ্য হ’ল চাহ শ্ৰমিকৰ দাবী
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 8:37 AM IST

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ : অৱশেষত চাহ শ্ৰমিকৰ দাবী মানি ল’বলৈ বাধ্য হ’ল অসম চৰকাৰ । অৱশেষত চাহ শ্ৰমিকৰ দাবী মানি ল’বলৈ বাধ্য হ’ল অসম চৰকাৰ । কৰম পূজাত পেইড হলিডে’ লাভ কৰাৰ পৰিবৰ্তে পৰৱৰ্তী যি কোনো এটা দেওবাৰে অথবা অন্য বন্ধৰ দিনত কাম কৰি দিয়াৰ জাৰি কৰা জাননী প্ৰত্যাহাৰ কৰিছে চৰকাৰে ৷

উল্লেখ্য যে, কৰম উৎসৱৰ দিনা অসম চৰকাৰে চৰকাৰী বন্ধ ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগে শেহতীয়া এক জাননীযোগে ৰাজ্যৰ চাহ জনগোষ্ঠীসকলে শুক্লা একাদশীৰ দিনা পালন কৰি অহা কৰম পূজাৰ দিনটো পেইড হলিডে’ ঘোষণা কৰিছিল ৷ নিৰ্দেশনা অনুযায়ী এই দিনৰ বন্ধৰ পৰিৱৰ্তে চাহ শ্রমিকসকলে পৰৱৰ্তী যি কোনো এটা দেওবাৰে বা সাপ্তাহিক ছুটীৰ দিনত বাগিচা আৰু কলঘৰত কাম কৰি দিব লাগিব ৷

ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাৰ পাচতে বৰ্তমান ৰাজ্যজুৰি চাহ অধ্যুষিত অঞ্চলত ক্ষোভৰ জুই জ্বলিছিল ৷ বাগানে-বাগানে চাহ শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : Protest Against BJP Govt: প্ৰৱেশ নিষিদ্ধ ! কৰম পূজাৰ পেইড হলিডে’ই লগাইছে অথন্তৰ; বিজেপিৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

চৰকাৰ এই নিৰ্দেশনাক কঠোৰ ভাষাৰে সমালোচনাও কৰিছিল অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে ৷ আনকি বিজেপিক ৰাজ্যৰ চাহ বাগিচাসমূহত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল All Assam Tea Tribes Student Association, চমুকৈ আটছা আৰু চাহ শ্ৰমিক সমাজে ৷ ইয়াৰ পাচৰ পৰাই ৰাজ্যৰ কেবাখনো বাগিচাত জ্বলিছিল ক্ষোভৰ অগনি ৷

কিন্তু শেহতীয়াকৈ আটছা আৰু চাহ শ্ৰমিক সমাজৰ প্ৰতিবাদে যেন ফল ধৰিলে ৷ অৱশেষত ৰাজ্য চৰকাৰে মানি ল’বলৈ বাধ্য হ’ল চাহ শ্ৰমিকৰ দাবী ৷

লগতে পঢ়ক : Paid holiday in Karam Puja: কৰম পূজাত পেইড হলিডে’ আৰু বাগিচাত নিষিদ্ধ বিজেপি; ধীৰাজ গোৱালাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.