ETV Bharat / state

নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ - hydrograph

মঙলবাৰে নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে । নিমাতীঘাটত মঙলবাৰে জলস্তৰ 85.64 মিটাৰলৈ বৃদ্ধি পোৱাত কেন্দ্ৰীয় জল আয়োগে নিমাতীঘাটত সতৰ্কতা জাৰি কৰিছে ।

নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ
author img

By

Published : May 14, 2019, 7:59 PM IST

যোৰহাট,14মে': বাৰিষাৰ প্ৰথমটো বানতে যোৰহাটৰ নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । কেন্দ্ৰীয় জল আয়োগে নিমাতীঘাটত জাৰি কৰিছে সতৰ্কতা । নিমাতীঘাটত মঙলবাৰে পুৱাৰ ভাগত জলস্তৰ ৮৫.০৫ আছিল যদিও পৰৱৰ্তী সময়ত জলস্তৰ ৬৪ ছেন্টিমিটাৰ বৃদ্ধি পায় ।

নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ

উল্লেখ্য যে কেন্দ্ৰীয় জল আয়োগৰ জলস্তৰ সীমা নিৰ্ধাৰণ কৰা হাইড্ৰ'গ্ৰাফ অনুসৰি ৮৪ মিটাৰক সৰ্তকতা জাৰি কৰা সীমা আৰু ৮৫ মিটাৰক বিপদসীমা হিচাপে গণ্য কৰা হয় । সেই অনুসৰি নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰে ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে । কেন্দ্ৰীয় জল আয়োগৰ নিমাতীঘাটৰ কৰ্মচাৰীসকলৰ মতে আৰু অধিক বৰষুণ হ'লে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ।।।

বাৰিষাৰ প্ৰথমটো বানতে যোৰহাটৰ নিমাতীঘাটত বিপদসীমাৰ ওপৰেদি ব'বলৈ আৰম্ভ কৰিছে।কেন্দ্ৰীয় জল আয়োগে নিমাতীঘাটত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বোৱা সৰৃতকতা জাৰি কৰিছে।নিমাতীঘাটত পূৱাৰ ভাগত ৮৫.০৫ আছিল যদিও বৰ্তমানৰ অৱস্থাত ৬৪ ছেন্টিমিটাৰ বিপদসীমাৰ ওপৰেদি জলস্তৰ ব'বলৈ লৈছে।কেন্দ্ৰীয় জল আয়োগৰ জলস্তৰ সীমা নিৰ্ধাৰণ কৰা হাইড্ৰ'গ্ৰাফ অনুসৰি ৮৪ মিটাৰক সৰ্তকতা জাৰি কৰা সীমা আৰু ৮৫ মিটাৰক বিপদসীমা হিচাপে গণ্য কৰা হয়।সেই অনুসৰি নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰে ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে।কেন্দ্ৰীয় জল আয়োগৰ নিমাতীঘাটৰ কৰ্মচাৰীৰ মতে আৰু অধিক বৰষুণ হলে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.