ETV Bharat / state

সান্ধ্য আইনত স্তব্ধ চৌদিশ - curfew break in jorhat

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো সান্ধ্য আইন জাৰি ৷ সান্ধ্য আইন ভংগকাৰীসকলক জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে যোৰহাট আৰক্ষীয়ে ।

curfew-in-assam
সান্ধ্য আইনত স্তব্ধ চৌদিশ
author img

By

Published : May 21, 2021, 2:13 PM IST

যোৰহাট, 21 মে’ : সম্প্ৰতি দেশৰ লগতে ৰাজ্যত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিডৰ নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ চহৰসমূহত বিৰাজ কৰিছে শূন্যতাই ৷

কিয়নো চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি, দিনৰ 11 বজাৰ লগে লগে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব ৷ লগতে দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি কৰিছে আৰক্ষী-প্ৰশাসনে ৷

সান্ধ্য আইনত স্তব্ধ চৌদিশ

ইয়াৰোপৰি ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰৰ পৰা ৰাজ্যত আন্তঃজিলা যান-বাহন চলাচল বন্ধৰ নিৰ্দেশ দিয়া হৈছে ৷ মুঠতে ৰাজ্য চৰকাৰে লকডাউন অবিহনে ক’ভিডৰ সংক্ৰমণ হ্ৰাসৰ চিন্তা-চৰ্চা কৰি জাৰি কৰিছে কঠোৰৰ পৰা কঠোৰ নিৰ্দেশনা ৷

ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাট জিলাও । যোৰহাটতো প্ৰশাসনৰ নিৰ্দেশানুসৰি জাৰি কৰা হৈছে সান্ধ্য আইন ৷ কিন্তু তাৰ মাজতে একাংশ লোকে সান্ধ্য আইনৰ নীতি-নিয়ম ভংগ কৰি চহৰখনত অযথা ঘূৰি ফুৰা পৰিলক্ষিত হৈছে ।

অৱশ্যে এইসকল লোকৰ বিৰুদ্ধে ইতিমধ্যে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে । যোৰহাট চহৰখনৰ মূল পথসমূহত আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে তালাচী অভিযান । কোনো লোকে যাতে অযথা সান্ধ্য আইন ভংগ কৰি ঘুৰি ফুৰিব নোৱাৰে, তাৰ প্ৰতি সতৰ্ক হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷

লগতে পঢ়ক : মৰিগাঁৱত 18 বছৰৰ উৰ্ধৰ লোকক ক’ভিড ভেকচিন প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.