ETV Bharat / state

Press Meet of CPIM: প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে চৰকাৰ; চি পি আই এম - Press Meet of CPIM at Jorhat

বিজেপি চৰকাৰে অসমত সাত বছৰ সম্পূৰ্ণ কৰিলে যদিও ৰাইজক নিৰাপত্তা প্ৰদান কৰাত ব্য়ৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলা চি পি আই এমে (CPIM comment on failure of govt)। ইপিনে,আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ চি পি আই এমে কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই প্ৰমাণ কৰিলে অসম আৰক্ষীৰ দুৰ্নীতি ।

Press Meet of CPIM at Jorhat
যোৰহাট জিলা চি পি আই এম
author img

By

Published : May 20, 2023, 9:04 PM IST

যোৰহাট জিলা চি পি আই এম

যোৰহাট, ২০ মে':আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৱে প্ৰমাণ কৰিলে অসম আৰক্ষী কিমান দুৰ্নীতিগ্ৰস্ত । এই মন্তব্য় যোৰহাট জিলা চি পি আই এমৰ (Jorhat CPIM press conference)। শনিবাৰে যোৰহাট জিলা চি পি আই এমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এইদৰে মন্তব্য় কৰে চি পি আই এমৰ নেতাসকলে । আজি ৰাজ্য় চৰকাৰৰ কাম-কাজ সন্দৰ্ভত তীব্ৰ সমালোচনা কৰি চি পি আই এমৰ নেতাসকলে কয় যে চৰকাৰখনে জনসাধাৰণক সকলো ক্ষেত্ৰতে নিৰাপত্তা প্ৰদান কৰাত ব্য়ৰ্থ হৈছে । চি পি আই এমৰ নেতাসকলে কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই প্ৰমাণ কৰিলে অসম আৰক্ষী কিমান দুৰ্নীতিগ্ৰস্ত (Press Meet of CPIM at Jorhat)।

তেওঁলোকে কয় যে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দি সেইবোৰ পালনত ব্যৰ্থ হৈছে । অসমবাসী জ্ঞাত যে বিজেপি চৰকাৰে অসমত সাত বছৰ সম্পূৰ্ণ কৰিলে । প্ৰথম পাঁচটা বছৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু যোৱা দুটা বছৰ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত সাত বছৰ সম্পূৰ্ণ কৰিলে । যোৱা দুবছৰ সম্পূৰ্ণ হোৱা বাবে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে ধুম ধামেৰে বৰ্ষপূৰ্তি আৰম্ভ কৰিছে । কিন্তু যোৱা দুবছৰতে এইখন চৰকাৰে যি প্ৰবঞ্চনা আৰু ব্যৰ্থতা প্ৰদৰ্শন দাঙি ধৰিলে সেয়া অতি স্পষ্টকৈ ওলাই পৰিছে ।

তেওঁলোকে কয় যে প্ৰথমতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা গৃহ বিভাগৰ কথা কলেই ব্যৰ্থতা ছবিখন পৰিস্ফূট হৈ পৰে । গৃহ বিভাগৰ কথা যদি আমি পৰ্যালোচনা কৰো তেনেহ'লে দেখিম যে অসমত অপৰাধে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । কেইবছৰমান ধৰি নাৰীৰ ওপৰত চলা অত্যাচাৰ সমগ্ৰ দেশৰ ভিতৰত সৰ্বাধিক ।

চি পি আই এমৰ নেতাসকলে কয় যে চৰকাৰখনে বৰ্তমান পুলিচৰাজ চলাবলৈ গৈ এনকাউন্টাৰক উৎসাহিত কৰি আছে । সংবাদমেল জৰিয়তে চি আই এমৰ নেতাসকলে পুনৰ কয় যে নিযুক্তিৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল যে ২০২২ চনৰ মে' মাহৰ ভিতৰত গণি গণি এক লাখ নিবনুৱাক নিযুক্তি দিব । চৰকাৰে ইয়াৰ পিচতেই ৫১ হাজাৰ নিযুক্তি দিব বুলি কৈছিল । পুনৰ চৰকাৰ ৫১ হাজৰৰ পৰিৱৰ্তে ৪৫ হাজাৰকহে নিযুক্তি দিয়া ছৱিখন বৰ্তমান স্পষ্ট হৈ পৰিল । সম্পূৰ্ণ নিযুক্তি ব্যৱস্থাটোৱে হৈছে ত্ৰুতিপূৰ্ণ বুলি তেওঁলোক কয় ।

লগতে পঢ়ক:Junmoni Rabha accident:জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সঠিক তদন্তৰ দাবী আপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.