ETV Bharat / state

লক্ ডাউনে সৰ্বস্বান্ত কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীক

লক্ ডাউনৰ বাবে দীৰ্ঘ সময় ধৰি ব্যৱসায় বন্ধ হৈ থকাৰ ফলত জীয়াতু ভুগিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৷

covid impact on small vendors
লক্ ডাউনে সৰ্বস্বান্ত কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীক
author img

By

Published : Jul 27, 2020, 2:13 PM IST

যোৰহাট,27 জানুৱাৰীঃ কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে লক্ ডাউনৰ দৰে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও এই লক্ ডাউনে যথেষ্ট নেতিবাচক প্ৰভাৱ পেলালে একাংশ ৰাইজৰ মাজত । বিগত পাঁচ মাহে দুৰ্বিসহ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে একাংশ খাটি খোৱা সাধাৰণ লোকে । লক্ ডাউনে বহুজনৰ জীৱন নিঃশেষ কৰাৰ দিশে যেন গতি কৰিছে ৷ এটাৰ পিছত আনটো লক্ ডাউনে যেন একাংশৰ জীৱন জীৱিকা শেষ কৰি পেলাইছে ৷

লক্ ডাউনে সৰ্বস্বান্ত কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীক

দেশৰ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা পদপথৰ ব্যৱসায়ী সকলৰো এতিয়া শোচনীয় অৱস্থা ৷ গণ সংক্ৰমণৰ দিশলৈ গতি কৰাৰ বাবে যোৰহাটত বাৰে-বাৰে লক্ ডাউন জাৰি কৰাৰ সমান্তৰালভাৱে জিলা প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা ৷ সপ্তাহত এটা দিন সোঁ-ফালৰ আনটো দিনত বাওঁফালৰ দোকান-পোহাৰ খুলিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ কিন্তু গ্ৰাহকৰ নাটনিৰ দিনত এনে নিৰ্দেশনাই অসুবিধাৰ সৃষ্টি কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত ৷

লগতে পঢ়কঃপ্ৰতিৰোধ ক্ষমতা বৃদ্ধি : খাইছে নে এই ছয় বিধ বস্তু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.