ETV Bharat / state

Constituency Delimitation: বিজেপি চৰকাৰক চাহ জনগোষ্ঠীৰ শত্ৰু আখ্যা কংগ্ৰেছ নেতাৰ - BJP

যোৰহাটত প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ সংবাদমেল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ,আদিত্য খাকলাৰীৰ বিৰুদ্ধে সৰৱ সংবাদমেলত ৷ ‘বিজেপি চৰকাৰ চাহ জনগোষ্ঠী ৰাইজৰ শত্ৰু ৷ চাহ জনগোষ্ঠী লোকক ৰাজনৈতিক ভাবে হত্যা কৰিব বিচাৰিছে ৷’

Constituency Delimitation
বিজেপি চৰকাৰক চাহ জনগোষ্ঠীৰ শত্ৰু আখ্যা কংগ্ৰেছ নেতাৰ
author img

By

Published : Jul 1, 2023, 4:24 PM IST

বিজেপি চৰকাৰক চাহ জনগোষ্ঠীৰ শত্ৰু আখ্যা কংগ্ৰেছ নেতাৰ

যোৰহাট,1 জুলাই: যোৰহাটত প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ সংবাদমেল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হৈ পৰিল চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামনাথ চুড়ী ৷

সংবাদমেল যোগে চুড়ীয়ে কয় ‘সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত আমাৰ কোনো আপত্তি নাই, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত চাহ জনগোষ্ঠীয় ৰাইজৰ আপত্তি আছে । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ৰাজনৈতিক ভাৱে চাহ জনগোষ্ঠীটোক নিঃশেষ কৰিব বিচাৰিছে বিজেপিয়ে । বিজেপি চৰকাৰে চাহ জনগোষ্ঠী ৰাইজৰ শত্ৰু । চাহ জনগোষ্ঠী লোকক ৰাজনৈতিক ভাবে হত্যা কৰিব বিচাৰিছে ৷ ভবিষ্যতে চাহ জনগোষ্ঠীয় মানুহ যাতে বিধায়ক-মন্ত্ৰী হ’ব নোৱাৰে তাৰ বাবে এই ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপিয়ে ৷’

সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা চাহ জনগোষ্ঠী ৰাইজক কিদৰে ৰাজনৈতিক ভাবে বিজেপিয়ে শেষ কৰিছে সেই বাৰ্তা লৈ চাহ জনগোষ্ঠীয় ৰাইজৰ কাষ চপাৰ কথাও উল্লেখ কৰে প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ নেতাগৰাকীয়ে । লগতে সংবাদমেলত অসম ট্ৰাইবেল সংঘ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হ’ল ৰামনাথ চুড়ী ৷

‘ অসমীয়া জাতি গঠনত চাহ জনগোষ্ঠী ৰাইজৰ অৱদান অতুলনীয় আৰু ভাষা আন্দোলনত চাহ জনগোষ্ঠীৰ ৰাইজ অসমীয়া ভাষা ৰক্ষা বাবে ত্যাগ দিছিল ৷ সেয়েহে চাহ জনগোষ্ঠীয় ৰাইজৰ ইতিহাস নজনাকৈ যি কোনো বিৰূপ মন্তব্য নকৰিব ৷’ এই সকীয়নী ৰামনাথ চুড়ীৰ ৷ যদি যিকোনো পৰিস্থিতি বা অনাকাংক্ষিত পৰিস্থিতি উদ্ভৱ হ’লে আদিত্য খাকলাৰী হে দায়ী হ'ব । সংবাদমেল যোগে এই মন্তব্য কৰে ৰামনাথ চুড়ীয়ে ৷

লগতে পঢ়ক:MP Gaurav Gogoi at Dergaon: খচৰা প্ৰস্তুত কৰোঁতে বিদ্যুৎ বিচ্ছিন্ন হৈছিল সেয়েহে সমষ্টিৰ নক্সাই সলনি কৰি পেলালে; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.