ETV Bharat / state

Jorhat Court Transfer: ধন ধাৰ লৈ ভৱন নিৰ্মাণ কৰি মুখ্যমন্ত্ৰীয়ে কেৱল ঠিকাদাৰ সৃষ্টি কৰিছে: ৰাণা গোস্বামী

author img

By

Published : Jun 20, 2023, 8:57 AM IST

‘‘যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু ষ্টেডিয়াম কম্প্লেক্সৰ ভূমিৰ ক্ষেত্ৰত চৰকাৰে পুনৰ বিবেচনা কৰক ৷’’ যোৰহাটত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছকমিটিৰ কাৰ্যকৰী সভাপতি তথা যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷

Congress leader Rana Goswami comment on Jorhat Court
যোৰহাট কোৰ্ট
যোৰহাট কোৰ্ট স্থানান্তৰ সন্দৰ্ভত কি ক’লে ৰাণা গোস্বামীয়ে ?

যোৰহাট, 20 জুন : ‘‘1914 চনতে যোৰহাটবাসী ৰাইজৰ লগতে যোৰহাটৰ দাঁতি কাষৰীয়া ৰাইজৰ সুবিধাৰ বাবে ব্ৰিটিছ চৰকাৰে যোৰহাট নগৰৰ মাজমজিয়াত নিৰ্মাণ কৰিছিল যোৰহাট কোৰ্ট । শতবর্ষ গৰকি মহিমামণ্ডিত হোৱা এই যোৰহাট কোৰ্ট বৰ্তমানৰ ৰাজ্য চৰকাৰে মিউজিয়াম কৰাৰ লগতে ইয়াক যোৰহাট নগৰৰ পৰা চিনামৰা চাহ বাগিচালৈ স্থানান্তৰ কৰাৰ যি সিদ্ধান্ত লৈছে ৷

কোৰ্ট ভৱনটো স্থানান্তৰ কৰাৰ ফলত কোর্টলৈ আহিবলগীয়া যোৰহাট নগৰৰ লগতে ইয়াৰ উপকণ্ঠৰ টিয়ক, দেৰগাঁৱৰ ৰাইজে দুৰ্ভোগ ভুগিব লগীয়া হ’ব ।’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷

গোস্বামীয়ে কয়, ‘‘কোৰ্ট ভৱনটো স্থানান্তৰ কৰা পথত কাৰ্মেল স্কুল, ডনবস্ক’ স্কুলৰ লগতে বহু স্কুল আছে ৷ লগতে আছে ৰে’ল লাইনো । যাৰ বাবে স্কুল ছুটি দিয়া বা আৰম্ভ হোৱা সময়ত উক্ত পথত ব্যাপক যানজঁটৰ সৃষ্টি হয় । যাক নিয়ন্ত্ৰণ কৰিব লগীয়া হয় যানবাহন আৰক্ষীয়ে । তেনে স্থলত কোৰ্ট ভৱনটো উক্ত স্থানত স্থাপন হ’লে ব্যাপক যানজঁটৰ সৃষ্টি হ’ব সমগ্ৰ পথচোৱাত ৷’’

তেওঁ আৰু কয়, ‘‘আমি যোৰহাট কোৰ্ট স্থানান্তৰ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই । কিন্তু আমি আপত্তি কৰিছো স্থান নিৰ্বাচন কৰাৰ ক্ষেত্ৰতহে । কিয়নো ৰাজ্য চৰকাৰে যোৰহাটৰ বুদ্ধিজীৱী, অধিবক্তাসকলৰ লগত আলোচনা কৰি স্থানৰ ক্ষেত্ৰত বিবেচনা কৰিব লাগিছিল । কিন্তু তাকে নকৰি ৰাজ্য চৰকাৰে নিজে বিবেচনা কৰি এক হঠকাৰী সিদ্ধান্ত ল’লে । সেইবাবে আমি দাবী কৰিছো যে এতিয়াও সময় আছে ৷ চৰকাৰে এই ক্ষেত্ৰত বিবেচনা কৰি যোৰহাটবাসী ৰাইজৰ লগত আলোচনা কৰি সিদ্ধান্ত পুনৰ গ্ৰহণ কৰক ৷’’

উল্লেখ্য যে, সোমবাৰে যোৰহাট প্ৰেছ ক্লাৱত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত কৰা হয় এক সংবাদমেলৰ ৷ এই সংবাদমেলতে যোৰহাট কোৰ্ট সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷

ইয়াৰ উপৰিও গোস্বামীয়ে লগতে কয়, ‘‘ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 1 লাখ 35 হাজাৰ কোটি টকা ধাৰ লৈছে । এই ধনেৰে মেডিকেলৰ ভৱন নিৰ্মাণ কৰিছে বিভিন্ন স্থানত । কিন্তু ইয়াৰ বিপৰীতে চিকিৎসক সৃষ্টি কৰিব পৰা নাই আৰু এই ভৱনসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ সন্দেহ হয় নিশ্চয় ইয়াত কিবা অংক আছে । ৰাজ্য চৰকাৰে বিভিন্ন স্থানত ভৱন নিৰ্মাণ কৰি কেৱল ঠিকাদাৰ সৃষ্টি কৰিছে আৰু জনপ্ৰতিনিধিসকল নাকত তেল দি শুই আছে ৷’’

উল্লেখ্য যে, সোমবাৰে যোৰহাটত আয়োজিত এই সংবাদমেলত ৰাণা গোস্বামীৰ লগতে উপস্থিত থাকে কংগ্ৰেছৰ পল্লৱী শইকীয়া গগৈ, জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ৷

লগতে পঢ়ক : Shrinkhal Chaliha Granted Bail : 45 দিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.