টীয়ক,7 জুলাই: ৰাজ্য চৰকাৰৰ এটাৰ পিছত এটাকৈ বিয়াগোম বিভাগত সময়ে সময়ে সংঘটিত হৈছে দুৰ্নীতিৰ ঘটনা ৷ কোনোটোত যদি কামৰ ক্ষেত্ৰত বিসংগতি কোনোটোত আকৌ অনিয়ম ৷ যোৰহাট জিলাৰ টীয়কতো এনে এক অনিয়ম সংঘটিত হোৱাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ নিৰ্ধাৰিত কাম অবিহনে টীয়কৰ এক পানী যোগান আঁচনিৰ আবণ্টিত ধন মোকলাই নিয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এক অভিযোগ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,যোৰহাট সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়াই মিলি চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰিছে এক অভিযোগ ৷ জিলাখনৰ টীয়কৰ বনাই আমতল পানী যোগান আঁচনিৰ মেৰামতিৰ নামত আবণ্টিত প্ৰায় 6 লাখ 33 হাজাৰ টকা বিভাগটোৰ একাংশ বিষয়ববীয়াই মোকলাই নিয়াৰ চেষ্টা বৰ্তমানে পোহৰলৈ আহিছে ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই মেৰামতিৰ নামত সামান্য কাম কৰিয়েই সামৰে দায়িত্ব ৷
উল্লেখ্য যে,দীৰ্ঘদিনে আঁচনিখন বিকল হৈ থকাত বৃহত্তৰ অঞ্চলটোৰ জন সাধাৰণ বঞ্চিত হৈ আছে এটুপি বিশুদ্ধ খোৱাপানী লাভৰ পৰা ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2019 বৰ্ষৰ নৱেম্বৰ মাহত উক্ত পানী যোগান আঁচনিৰ মেৰামতিৰ বাবে চৰকাৰে পুঁজি আবণ্টন দিয়াত ৰাইজে দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ হোৱাৰ আশা প্ৰকাশ কৰিছিল । কিন্তু ৰাইজৰ আশাত চেঁচা পানী ঢালি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়াই উক্ত চৰকাৰী ধন ঠিকাদাৰৰ সহযোগত লুণ্ঠন চলোৱাৰ বাবে চেষ্টা চলায় । তদুপৰি মেৰামতিৰ নামত আঁচনিখনত তিনিটাকৈ বৈদ্যুতিক কাটাউট লগোৱা, পানীৰ ফিল্টাৰ পৰিশোধন কৰাৰ লগতে এটা মটৰ বহুৱাই মুঠ 50-60 হাজাৰ ধন ব্যয় কৰি বাকী সমুদায় ধন আঁচনিখনৰে জড়িত পৰিচালনা সমিতিৰ অজ্ঞাতে মোকলাই অনাৰ চেষ্টা কৰাৰ কথা জানিবলৈ পোৱা গৈছে ৷ কিন্তু উক্ত আঁচনিৰ মেৰামতিৰ পিছতো আজিকোপতি এটোপা বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আছে অঞ্চলবাসী ৷ জিলাখনৰ বিভিন্ন পানী যোগান আঁচনি মেৰামতিৰ নামত এতিয়া এনেদৰে চৰকাৰী ধন লুণ্ঠনৰ একাধিক অভিযোগ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ।
লগতে চাওকঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কৃত্ৰিম বান