যোৰহাট, 10জুলাই : দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে যোৰহাটত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে দুপৰীয়া যোৰহাটৰ লাহদৈগড় হুলোঙাপাৰৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে পৰিদৰ্শন কৰে লাচিত মৈদাম ৷ লাচিত মৈদাম পৰিদৰ্শন কৰি মৈদামৰ পৰিবেশ-পৰিস্থিতিৰ বিষয়ে বুজ লোৱাৰ লগতে মৈদাম কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হয় ৷
ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকী বিয়লি প্ৰায় 4.30 বজাত উপস্থিত হয় যোৰহাটৰ ঐতিহাসিক টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানত ৷ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমেই পৰিদৰ্শন কৰে প্ৰশাসনিক ভৱন ৷ প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়াৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে ৰাজ্যৰ চাহ গৱেষণা সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ বিভিন্ন বিভাগ সমূহ পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ বিজ্ঞানী, কৰ্মচাৰী সকলৰ লগত এক আলোচনাত মিলিত হয় ৷ ইয়াৰ পিছতে টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ সভাগৃহত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে, যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰত চলি থকা কাম-কাজৰ বিষয়ে নিজে বুজ লবৰ বাবে তেওঁ প্ৰতিষ্ঠানখনত উপস্থিত হৈছে ৷ মেনেজমেন্টৰ ফালৰ পৰাও তেওঁলোকৰ পৰিকল্লনাৰ বুজ লোৱা হয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ৷
ইফালে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, বিশেষ একো প্ৰস্তাব লোৱা হোৱা নাই ৷ কিন্তু দুই-এটা পাৰম্পৰিক নাম, যিকেইটাৰ নাম সলনি হৈছে; সেইকেইটা সমষ্টিৰ নাম পাৰম্পৰিক ধৰণে ৰাখিলেই ভাল হয় বুলি ৰাজ্য চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷
আনহাতে যোৰহাটৰ চাৰিলেন যুক্ত পথৰ সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই ফৰলেনৰ কাম অহা বছৰ বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ হৈ উঠিব ৷ বিভাগীয় মন্ত্ৰীয়ে এইটোৱে শেষ বাৰিষা বুলি কৈছে ৷ ইয়াৰ পাছত কোনেও পথৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া নহয় বুলি কয় তেওঁ৷ এইক্ষেত্ৰত ৰিভিউ লৈ থকা হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷
মুখ্যমন্ত্ৰী গৰাকীৰ আজিৰ কাৰ্যসূচীত সংগ দিয়ে মন্ত্ৰী বিমল বৰা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা আয়ুক্ত পুলক মহন্ত, বিজেপি যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতা প্ৰমুখ্যে বিজেপিৰ কৰ্মকৰ্তা সকলে ৷ আনহাতে মঙলবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে যোৰহাট ভ্ৰমণৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত যোৰহাটৰ বৰভেটি, চাওলুং চ্যুকাফা সমন্নয় ক্ষেত্ৰ, কাজিৰঙা বিশ্ববিদ্যালয় পৰিভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Jorhat latest news: নিশাৰ আড্ডাত অতিষ্ঠ হৈ ৰাইজে মাতিলে আৰক্ষী, গতালে দুজনী ছোৱালী