ETV Bharat / state

৮৯ গৰাকী যাত্ৰীলৈ মৰিয়নী জংচনত উপস্থিত চেন্নাইৰ-ডিব্ৰুগড় প্ৰথমখন ৰে'ল - covid-19

দেওবাৰে চেন্নাইৰ পৰা ডিব্ৰুগড়লৈ অহা প্ৰথমখন ৰে'ল উপস্থিত হয় মৰিয়নী জংচনত । উজনিৰ মুঠ ৫ খন জিলাৰ আৰু নগালেণ্ডৰ ২ গৰাকী লোকৰ সৈতে মুঠ ৮৯ গৰাকী যাত্ৰী লৈ মৰিয়নী জংচনত উপস্থিত হয় ৰে'ল খন ৷ মৰিয়নী জংচনৰ পৰাই শ্ৰমিকসকলক নিজ নিজ জিলাৰ কোৱাৰান্টাইন কেন্দ্ৰলৈ লৈ জিলা প্ৰশাসনে ।

মৰিয়নী
৮৯ গৰাকী যাত্ৰীলৈ মৰিয়নী জংচনত উপস্থিত চেন্নাইৰ-ডিব্ৰুগড় প্ৰথমখন ৰে'ল
author img

By

Published : May 17, 2020, 10:51 PM IST

মৰিয়নী, ১৭ মে': দেওবাৰে পুৱা চেন্নাই ডিব্ৰুগড় প্ৰথমখন শ্ৰমিক ট্ৰেইন উপস্থিত হয় মৰিয়নীত ৷ পুৱা ৮ বজাৰ পৰিৱৰ্তে ১০:৫০ মিনিটত উপস্থিত হয় ৰে'লখন । নিৰ্ধাৰিত সময়তকৈ ২ ঘণ্টা ৪০ মিনিট পলমকৈ মৰিয়নী জংচন উপস্থিত হয় ৰে'ল খন ।

উজনিৰ মুঠ ৫ খন জিলাৰ আৰু নগালেণ্ডৰ ২ গৰাকী লোকৰ সৈতে মুঠ ৮৯ গৰাকী যাত্ৰী লৈ মৰিয়নী জংচনত উপস্থিত হয় ৰে'ল খন ৷ গোলাঘাট জিলাৰ ৬৬ গৰাকী,যোৰহাট জিলাৰ ১০ গৰাকী শিৱসাগৰ জিলাৰ ৫ গৰাকী,চৰাইদেউ জিলাৰ ১ গৰাকী,নগাঁও জিলাৰ ৫ গৰাকী আৰু নাগালেণ্ডৰ ২ গৰাকী যাত্ৰী ৰে'ল খনৰ পৰা নামে মৰিয়নী জংচনত।

মৰিয়নী
৮৯ গৰাকী যাত্ৰীলৈ মৰিয়নী জংচনত উপস্থিত চেন্নাইৰ-ডিব্ৰুগড় প্ৰথমখন ৰে'ল

যাত্ৰী সকলক প্ৰথমে মৰিয়নী জংচনৰ বাহিৰ ভাগত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্কেনিং কৰে ৷ স্কেনিঙৰ অন্তত ৫ খন জিলা আৰু নগালেণ্ডৰ পৰা দণ্ডাধীশ আহি যাত্ৰী সকলক বাছ যোগে নিজ নিজ জিলাৰ কোৱাৰান্টাইন চেন্টাৰলৈ লৈ যায় ৷ মৰিয়নী জংচনত নমা যোৰহাট জিলাৰ যাত্ৰী সকলক অন্য দিনত যোৰহাট কাজিৰঙা বিশ্ব বিদ্যালয়ৰ চৌহদৰ কোৱাৰান্টাইন কৰাৰ হৈছিল যদিও দেওবাৰে যাত্ৰী সকলক তাৰ পৰিৱৰ্তে ৰজাবাৰীৰ (NID) মহাবিদ্যালয়ত কোৱাৰান্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে যোৰহাট জিলা প্ৰশাসনে ৷

কাহিলীপুৱাৰ পৰা মৰিয়নীৰ বিধায়ক, তিতাবৰ মহকুমাধিপতি,যোৰহাট জিলাৰ অতিৰিক্ত দণ্ডাধীশ,মৰিয়নী ৰাজহচক্ৰ বিষয়া আদিকে ধৰি প্ৰায় কেইখন জিলাৰ জৰুৰীকালীন ব্যৱস্থাৰ লগত জড়িত বিষয়া কৰ্মচাৰী সকল জংচনত উপস্থিত থাকি যাত্ৰী সকলক আদৰণি জনায় ৷

মৰিয়নীত উপস্থিত হোৱাৰ পাছত যাত্ৰীসকলে মন্তব্য কৰে যে, যাত্ৰাৰ পথত পশ্চিমবংগ সোমোৱাৰ পাছৰ পৰাই ১৭/১৮ ঘন্টা সময় যাত্ৰী সকলে পানীৰ পৰা ধৰি অন্যান্য খোৱা বোৱাৰ পৰা বঞ্চিত হব লগা হয় । আনহাতে, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যাত্ৰী সকলৰ মাজৰে পৰা অসম চৰকাৰলৈ অনুৰোধ জনাই যে, বহিঃৰাজ্যত আৱদ্ধ হয় থকা অসমৰ লোক সকলক সোনকালে নিজ নিজ ঘৰলৈ অনাৰ সুবিধা কৰাৰ লগতে যাত্ৰা পথত যাত্ৰী সকলক নিম্নতম সা-সুবিধা প্ৰদান কৰিবলৈও আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.