ETV Bharat / state

Har Ghar Tiranga Abhiyan: ঘৰে ঘৰে জাতীয় পতাকা অনুষ্ঠান উদ্বোধন ৰামেশ্বৰ তেলীৰ - কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

"ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাক্ৰমে এইবাৰ দেশজুৰি ভাৰতৰ স্বাধীনতা লাভ কৰাৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে ৷ তাৰেই অংশানুসৰি ভাৰতৰ বিভিন্ন ঠাইত যিসকল স্বাধীনতা সংগ্ৰামী তথা তেওঁলোকৰ পৰিয়াল জীৱিত অৱস্থাত আছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে ৷ কোনো ঠাইত যদি সই সময়ৰ স্বহীদৰ প্ৰতিমূৰ্তি আছে তাত আমি মাল্যৰ্পণ কৰিছো (Har Ghar Tiranga Abhiyan in Jorhat)৷" যোৰহাটৰ গান্ধী পাৰ্কত ঘৰে ঘৰে জাতীয় পতাকা অভিযান উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Cabinet Minister Rameswar Teli in Jorhat)৷

ঘৰে ঘৰে জাতীয় পতাকা অভিযান উদ্বোধন ৰামেশ্বৰ তেলীৰ

author img

By

Published : Aug 11, 2022, 9:58 PM IST

যোৰহাট, 11 আগষ্ট: "ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাক্ৰমে এইবাৰ দেশজুৰি ভাৰতৰ স্বাধীনতা লাভ কৰাৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে ৷ তাৰেই অংশানুসৰি ভাৰতৰ বিভিন্ন ঠাইত যিসকল স্বাধীনতা সংগ্ৰামী তথা তেওঁলোকৰ পৰিয়াল জীৱিত অৱস্থাত আছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে ৷ কোনো ঠাইত যদি সই সময়ৰ স্বহীদৰ প্ৰতিমূৰ্তি আছে তাত আমি মাল্যৰ্পণ কৰিছো (Har Ghar Tiranga Abhiyan in Jorhat)৷ তাৰোপৰি চৰকাৰৰ ফালৰ পৰা অহা 13 আগষ্টৰ পৰা ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচী দেশজুৰি পালন কৰা হ’ব ৷ আমি ইতিমধ্যে চৰকাৰীভাৱে পতাকাসমূহ বিতৰণ কৰি আছো ৷ আমি বিচাৰো যে প্ৰত্যেক জাতি, ধৰ্মৰ লোকে এই পতাকা উত্তোলন কৰক ৷ তাৰ যোগেদি আমি বিশ্বক আমাৰ দেশখনৰ ঐক্যতা দেখুৱাই দিব পাৰো ৷ মোক যোৰহাটত দায়িত্ব দিয়া হৈছে ৷ সেইবাবে মই আজি যোৰহাটলৈ আহিছো ৷"

ঘৰে ঘৰে জাতীয় পতাকা অভিযান উদ্বোধন ৰামেশ্বৰ তেলীৰ

যোৰহাটৰ গান্ধী পাৰ্কত ঘৰে ঘৰে জাতীয় পতাকা অভিযান উদ্বোধন কৰি আজি এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Central Minister Rameswar Teli in Jorhat)৷ লগতে তেওঁ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিতো মাল্যৰ্পন কৰি এই মন্তব্য আগবঢ়াই (Minister Rameswar Teli inaugurate Har Ghar Tiranga Abhiyan in Jorhat)৷

ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যোৰহাট জিলাৰ মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈক সন্মান জনোৱাৰ উপৰিও স্বাধীনতা সংগ্ৰামী সকলৰ পৰিয়ালবৰ্গ পুষ্পলতা গগৈ , ভৱানী দলে , নলিনীবালা দত্ত , অৰুণা দত্ত , প্ৰমোদ চন্দ্ৰ নেওঁগ , ড৹ পৰাণ বৰুৱাৰ লগতে কেইবাগৰাকী লোকক ফুলাম গামোচা পিন্ধাই সম্বৰ্ধনা জনায় ৷

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰাৰ প্ৰসংগত কয়, "চাহ শ্ৰমিকসকলৰ দাবী অনুসৰি তেওঁলোকৰ মজুৰি বৃদ্ধি কৰা হৈছে ৷ চাহ বাগিচাৰ দৰমহা কিমান বৃদ্ধি কৰিলে চাহ বাগিচাবোৰো যাতে ভালকৈ চলিব পাৰে, এই কথা আমি ভালকৈয়ে জানো ৷ সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছে যে এনেকুৱা নহওক যাতে দৰমহাটো বৃদ্ধি হ’লেই চাহ বাগিচাৰ মালিকসকলৰ বাগিচা চলাওঁতে অসুবিধা হ’ব পাৰে নেকি ! এই কথাবোৰ চিন্তা কৰি বিভিন্ন ট্ৰেড ইউনিয়নৰ লগত আলোচনা কৰাৰ লগতে আমাৰ লগতো আলোচনা কৰি চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷"

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পশ্চিম যোৰহাটৰ নেইষ্ট(CSIR NEIST) ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে নেইষ্টৰ চৌহদত থকা জননায়ক দেৱেশ্বৰ শৰ্মাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে ৷ এই অনুষ্ঠানত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী , জিলা সভাপতি হেমন্ত কলিতা , জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন , অতিৰিক্ত জিলা উপায়ুক্ত দামোদৰ বৰ্মন, সহকাৰী আয়ুক্ত পৰিণীতা চক্ৰৱৰ্তী , ONGC ৰ মেচিন মেনেজাৰৰ লগতে বহু কেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Har Ghar Tiranga Abhiyan: বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকক জাতীয় পতাকা উপহাৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.