ETV Bharat / state

Youth Commits Suicide:পইচা ধাৰে লৈ অৱশেষত বাছি ল’ব লগা হ’ল চৰম পন্থা

ঋণৰ বোজা সহিব নোৱাৰি যোৰহাটৰ এজন যুৱকে আত্মহনন কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Jorhat youth commits suicide
ঋণৰ বোজা সহিব নোৱাৰি যোৰহাটৰ যুৱকৰ আত্মহনন
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 10:29 PM IST

ঋণৰ বোজা সহিব নোৱাৰি যোৰহাটৰ যুৱকৰ আত্মহনন

যোৰহাট, 29 আগষ্ট : যোৰহাটত এজন যুৱকৰ আত্মহত্যা ৷ এই আত্মহত্যাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত ৷ আত্মহননৰ পথ বাচি লোৱা যুৱক জনৰ নাম প্ৰজ্ঞান জ্যোতি হাজৰিকা ৷ 28 বছৰীয়া প্ৰজ্ঞানৰ এই সিদ্ধান্তই হতবাক কৰি তুলিছে সকলোকে ৷

উত্তৰ পশ্চিম যোৰহাটৰ কমলাবৰীয়া অঞ্চলৰ নিবাসী আছিল প্ৰজ্ঞান জ্যোতি হাজৰিকা ৷ পিতৃৰ কৰ্মসূত্ৰে যোৰহাটৰ মুকলি কাৰাগাৰৰ কোৰ্ৱাটাৰত মাতৃৰ সৈতে বাস কৰিছিল তেওঁ ৷ যুৱকজনে যোৰহাটৰ মুকলি কাৰাগাৰৰ কোৰ্ৱাটাৰতে কালি বিয়লি এই চৰম পন্থা বাছি লয় । যোৰহাটৰ এটা গাড়ী ডিলাৰত কাম কৰা প্ৰজ্ঞান জ্যোতি হাজৰিকাই যোৰহাটৰ কেইবাগৰাকী ব্যক্তিৰ পৰা টকা ধাৰলৈ লৈছিল বুলি জানিব পৰা গৈছে ।

পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি বিগত কিছুদিন ধৰি সুদ খোৰৰ চৰম অত্যাচাৰত মানসিকভাৱে ভাগি পৰিছিল প্ৰজ্ঞান জ্যোতি হাজৰিকা । বাবু, মাইনা, মঞ্জিত নামৰ এই তিনিজন ব্যক্তিৰ পৰা যুৱকজনে সুদত টকা ধাৰলৈ লৈছিল । কালি সুদ খোৰ ব্যক্তি কেইজনৰ ভাবুকিৰ পৰিণতিত বিয়লি যোৰহাটৰ মুকলি কাৰাগাৰৰ কোৰ্ৱাটাৰত আত্মহত্যা কৰে যুৱকজনে ।

সন্ধিয়া যুৱকজনৰ মাতৃয়ে নামঘৰৰ পৰা আহি পুত্ৰৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক অৱগত কৰে । পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াৰ পিচত আৰক্ষী আহি যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে । মঙলবাৰে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক চমজাই দিয়ে । এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে যোৰহাট সদৰ থানত সুদ খোৰ কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

উল্লেখ্য যে,যোৰহাটৰ বিভিন্ন স্থানত সুদ খোৰৰ ইমানেই অত্যাচাৰ বৃদ্ধি পাইছে যে বহু লোক পথৰ ভিক্ষাৰী হোৱাৰ দিশলৈ গতি কৰিছে । এই সুদ খোৰৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হোৱাৰ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক : Food poisoning in Jorhat: মৰিয়নিত প্ৰসাদ খাই অসুস্থ ডেৰ শতাধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.