টীয়ক, 6 জুলাই : উৰুখা পঁজাত এগৰাকী ঢুলীয়া শিল্পীৰ কান্দোন ৷ বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ফনী শৰ্মা, ভূপেন হাজৰিকাকে ধৰি মহান শিল্পীসকলৰ সান্নিধ্যত অসমৰ বিভিন্ন স্থানত ঢোল বাদনেৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা যোৰহাট জিলাৰ টীয়কৰ তেলীয়া গাঁৱৰ নিৱাসী বলাই হাজৰিকা এতিয়া শৰ্যাশায়ী । ঢোলৰ যাদুকৰ গণশিল্পী মঘাই ওজাৰ অন্যতম প্ৰিয় শিষ্য আছিল বলাই হাজৰিকা ৷ ৮ বছৰ বয়সতে ঢোলৰ অ আ ক খ শিকা হাজৰিকাই ওৰেটো জীৱন ঢোলটোকে ডিঙিত লৈ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ঢোল বাদনেৰে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল । এই গৰাকী চহা শিল্পী এতিয়া শৰ্যাশায়ী ।
দুবছৰৰ পূৰ্বে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকাৰ সময়ত ৰাইজৰ দান বৰঙনিৰে চিকিৎসাৰ ব্যৱস্থা কৰি কিছু সুস্থ হৈ উঠে যদিও বৰ্তমানেও ঘৰৰ বিচনাত পৰি ঢোলটোকে কাষত লৈ উচুপি উচুপি দিন অতিবাহিত কৰিছে ৮০ বছৰীয়া এইগৰাকী শিল্পীয়ে । ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা এইগৰাকী শিল্পীয়ে পোৱা নাই কোনো চৰকাৰী সাহাৰ্য ৷ বহুবাৰ শিল্পী পেন্সনৰ বাবে ৰজাঘৰৰ দুৱাৰে দুৱাৰে টুকুৰিয়াইও শিল্পী পেন্সনৰ পৰা বঞ্চিত হৈ ৰ'ল বলাই হাজৰিকা । দৰিদ্ৰতাৰ জীৱন অতিবাহিত কৰা শিল্পী বলাই হাজৰিকাক চৰকাৰী কিবা আঁচনিয়ে ঢুকি পাবনে সেইটোহে এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷