ETV Bharat / state

শীৰ্ষ নেতৃত্বতৰ বিৰুদ্ধে টীয়কত বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ

অসম গণ পৰিষদৰ অধীনত থকা টীয়ক বিধান সভা সমষ্টিটো এইবাৰ বি জে পিয়ে কোনো কাৰণত এৰি নিদিয়াৰ হুংকাৰ দি থকাৰ সময়তে বিভিন্ন সংবাদ মাধ্যমত সমষ্টিটো পুনৰ অগপক এৰি দিয়াৰ লগতে শ্যামকানু মহন্তক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা বাতৰি প্ৰকাশ হোৱাৰ লগে লগে ক্ষোভিত হৈ পৰে টীয়কৰ বি জে পি কৰ্মীসকল ৷

শীৰ্ষ নেতৃত্বতৰ বিৰুদ্ধে টীয়কত বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ
শীৰ্ষ নেতৃত্বতৰ বিৰুদ্ধে টীয়কত বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Mar 4, 2021, 10:41 PM IST

টীয়ক,4 মাৰ্চ: ক্ৰমাত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিছে বিজেপিৰ ভিতৰচ’ৰাত ৷ কোন সমষ্টিত কোনে পাব মিত্ৰজোটৰ প্ৰাৰ্থীত্ব তাকলৈ সমষ্টিয়ে সমষ্টিয়ে সৃষ্টি হৈছে কণ্ডল ৷ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টীয়কতো আৰম্ভ হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট ৷ অসম গণ পৰিষদৰ অধীনত থকা টীয়ক বিধান সভা সমষ্টিটো এইবাৰ বি জে পিয়ে কোনো কাৰণত এৰি নিদিয়াৰ হুংকাৰ দি থকাৰ সময়তে শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্যমত সমষ্টিটো পুনৰ অগপক এৰি দিয়াৰ লগতে শ্যামকানু মহন্তক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা বাতৰি প্ৰকাশ হোৱাৰ লগে লগে ক্ষোভিত হৈ পৰে টীয়কৰ বি জে পি কৰ্মীসকল ৷

বৃহস্পতিবাৰে দলটোৰ শীৰ্ষ নেতৃত্বতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে ৷ ৰণজিৎ দাস হুছিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিল টীয়কৰ ৰাজপথ ৷ যদি বিজেপিৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত সলনি নকৰে তেন্তে নিৰ্বাচনত টীয়ক বিজেপিয়ে ভোট বৰ্জন,দলীয় পতাকা অৱমাননা তথা প্ৰতিগৰাকী শীৰ্ষ দলীয় নেতা-পালিনেতাক নিৰ্বাচনী সভা সমিতি অনুস্থিত কৰাত বাধা প্ৰদান কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: দৰঙত কংগ্ৰেছৰ নিমিলা অংক: বিপিএফ, এআইইউডিএফয়ে আনিছে জটিলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.