ETV Bharat / state

মিছন-100 পূৰণৰ লক্ষ্যৰে কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে - বিজেপি

শনিবাৰে যোৰহাটত অনুষ্ঠিত হয় বিজেপিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা । সাংবাদিকৰে হোৱা বাৰ্তালাপত যোৰহাট জিলাৰ প্ৰভাৰী সুৰঞ্জন দত্তই জনোৱা মতে ’২১ ৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি দল । কংগ্ৰেছ- এআইইউডিএফৰ মহাযোঁট বন্ধনে বিজেপি দলক প্ৰভাৱিত কৰিব নোৱাৰে বুলি দৃঢ়তা প্ৰকাশ কৰে প্ৰভাৰী সুৰঞ্জন দত্তই ৷

Assam election
Assam election
author img

By

Published : Sep 12, 2020, 7:37 PM IST

যোৰহাট, 12 ছেপ্টেম্বৰ : ক’ভিড-19 ৰ ভয়াৱহতাৰ মাজতো ৰাজ্যত বলিবলৈ ধৰিছে ৰাজনীতিৰ গৰম বতাহ ৷ এফালে কংগ্ৰেছ- এআইইউডিএফৰ মিত্ৰতাৰ প্ৰসংগ আনফালে নতুন আঞ্চলিক দল গঠনৰ কুচকাৱাজ ৷ আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ উদ্দেশ্যে আছু, কৃষকমুক্তিকে ধৰি বহু কেইটা সংগঠনৰ বিষয়ববীয়া আগবাঢ়িছে নতুন দল গঠনৰ দিশে ৷ ৰাজ্যৰ প্ৰখ্যাত সাংবাদিক অজিত কুমাৰ ভূঞাৰ নেতৃত্বতো গঠন হৈছে আঞ্চলিক দল ৷ তেজপুৰত আনুষ্ঠানিক ভাৱে নতুন আঞ্চলিক দল জন্ম হৈছে বিশিষ্ট আইনজীৱী অৰূপ বৰবৰা ডাঙৰীয়াৰ নেতৃত্বত খিলঞ্জীয়া সুৰক্ষা মঞ্চই ৷ তাৰ লগতে অগপৰ নতুন পৰিষদ গঠন আৰু দেৱানী আদালতে এই পৰিষদ সন্দৰ্ভত দিয়া স্থগিতাদেশেও তাৎপৰ্য বহন কৰিছে ৷ এই সকলোবোৰৰে সমান্তৰালকৈ মিছন-100 ৰ সপোন লৈ আগবাঢ়িছে শাসকীয় দল বিজেপি ৷ 2021 ত পুনৰ দিছপুৰৰ গাদী দখলৰ সংকল্প লৈছে দলটোৱে ৷

মিছন-100 পূৰণৰ লক্ষ্যৰে কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে

শনিবাৰে যোৰহাটত অনুষ্ঠিত হয় বিজেপিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা । যোৰহাটৰ জিৰণি হোটেলত অনুষ্ঠাত হোৱা সভাখনত উপস্থিত থাকে যোৰহাট জিলা বিজেপিৰ নব-নিৰ্বাচিত প্ৰভাৰী সুৰঞ্জন দত্ত আৰু বিজেপি দলৰ সদস্য আৰু কৰ্মকৰ্তাসকল । সাংবাদিকৰে হোৱা বাৰ্তালাপত যোৰহাট জিলাৰ প্ৰভাৰী সুৰঞ্জন দত্তই জনোৱা মতে ’২১ ৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি দল । যোৰহাটৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিত কংগ্ৰেছ প্ৰত্যাহ্বান নহয় বুলি উল্লেখ কৰে দত্তই । আনহাতে কংগ্ৰেছ- এআইইউডিএফৰ মহাযোঁট বন্ধনে বিজেপি দলক প্ৰভাৱিত কৰিব নোৱাৰে বুলি দৃঢ়তা প্ৰকাশ কৰে প্ৰভাৰী সুৰঞ্জন দত্তই ৷

উল্লেখ্য যে, 2021ৰ নিৰ্বাচনত বিজেপিয়ে চেঞ্চুৰী কোবাবলৈ সক্ষম হ’ব বুলি বিভিন্ন সময়ত কৈ আহিছে দলটোৰ অন্যতম শক্তিশালী নেতা ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ যি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিজেপি চৰকাৰে অসম আৰু অসমীয়াৰ বাবে সংকট নমাই অনা বুলি দাবী উঠিছে, চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন তথা খিলঞ্জীয়া ৰাইজে মাৰ বান্ধি ওলায় আহিছে তেনে সময়ত বিজেপিয়ে মিছন 100 ৰ সপোন কি দৰে পূৰণ কৰে সেইয়া অৱশ্যেই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : আছুৱে ৰাজহুৱা কৰিলে পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.