ETV Bharat / state

Footballer Bhaichung Bhutia : যোৰহাটৰ খেলপথাৰত তাৰকা ফুটবলাৰ বাইচুং ভূটীয়া - যোৰহাটৰ খেলপথাৰত তাৰকা ফুটবলাৰ বাইচুং ভুটীয়া

যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত উপস্থিত ফুটবল তাৰকা বাইচুং ভূটীয়া (Bhaichung Bhutia at Kaziranga University)। প্ৰীতি ফুটবল খেলত অংশ ল'লে ফুটবলাৰগৰাকীয়ে । বাইচুং ভূটীয়াৰ ভৰিৰ যাদু দেখি আপ্লুত ৰাইজ ।

Footballer Bhaichung Bhutia
যোৰহাটৰ খেলপথাৰত তাৰকা ফুটবলাৰ বাইচুং ভুটীয়া
author img

By

Published : Feb 17, 2023, 8:31 PM IST

যোৰহাটৰ খেলপথাৰত তাৰকা ফুটবলাৰ বাইচুং ভুটীয়া

যোৰহাট,১৭ ফেব্ৰুৱাৰী : যোৰহাটত ফুটবল খেলাত ব্যস্ত তাৰকা ফুটবলাৰ তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া (Bhaichung Bhutia at Jorhat)। ফুটবল খেলত তাৰকাগৰাকীয়ে এটা গ'ল কৰিও দৰ্শকক আপ্লুত কৰিলে । তাৰকা ফুটবলাৰৰ ভৰিৰ যাদু চাবলৈ যোৰহাটত দৰ্শকৰ ভিৰ । যোৰহাটৰ মহবন্ধাস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ত আয়োজিত এক প্ৰীতি ফুটবল মেচত অংশ ল'লে ফুটবলাৰগৰাকীয়ে (Bhaichung Bhutia at Kaziranga University)। ফুটবলাৰগৰাকীক এনেদৰে ওচৰত পায় উৎফুল্লিত প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকল ।

অনুষ্ঠানত অংশ লৈ ফুটবলাৰগৰাকীয়ে কয় যে ফুটবল বিশ্বকাপত ভাৰতে খেলিবলৈ বহু কষ্ট স্বীকাৰ কৰিব লাগিব । কাজিৰঙা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন ধৰণৰ বিষয়ক লৈ মত বিনিময় কৰে খেলুৱৈগৰাকীয়ে । জনপ্ৰিয় ফুটবল খেলুৱৈ বাইচুং ভূটীয়াক নিচেই কাষতে পাই ফুটবলৰ ভৱিষ্যত আৰু সম্ভৱনা সম্পৰ্কে শিক্ষাৰ্থীসকলে প্ৰশ্ন কৰে আৰু অতি বহলভাৱে প্ৰশ্নসমূহৰ উত্তৰ দিয়ে ফুটবলাৰ বাইচুং ভূটীয়াই (Bhaichung Bhutia on football career)।

সাংবাদিকৰে সৈতে মত বিনিময় কৰি ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই কয় যে, উত্তৰ-পূৱৰ খেলুৱৈসকল বহু প্ৰতিভা আৰু সম্ভাৱনাপূৰ্ণ । তেওঁ উল্লেখ কৰা মতে উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈসকল বিভিন্ন আগশাৰীৰ প্ৰিমিয়াৰ লীগত দপদাই আছে । অৱশ্যে বৰ্তমান সময়ত ফুটবল খেলক উচ্চ স্তৰলৈ লৈ যাবলৈ হ'লে উন্নত মানৰ প্ৰশিক্ষণ আৰু অনন্য ক্ৰীড়া শৈলীৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে ভাৰতে ভৱিষ্যতে ফুটবল বিশ্বকাপত খেলিব বুলিও বাইচুং ভূটীয়াই আশা প্ৰকাশ কৰে । বাইচুং ভূটীয়াই কয় যে, খেলুৱৈ সৃষ্টি কৰিবলৈ হ'লে আমি তলৰ পৰ্যায়লৈ গৈ খেলুৱৈ উলিয়াই আনিব লাগিব । আনহাতে কাজিৰঙা বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শৈক্ষিক প্ৰণালীক প্ৰশংসা কৰে ফুটবলাৰগৰাকীয়ে (Bhaichung Bhutia praised Kaziranga University)।

উল্লেখ্য যে বাইচুং ভূটীয়াই ১৯৭৬ চনত ছিকিমত জন্ম গ্ৰহণ কৰিছিল । ভাৰত ফুটবলক এক উচ্চ স্তৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বাইচুং ভূটীয়াই । লক্ষণীয়ভাৱে কাজিৰঙা বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰীতি ফুটবল মেচখনত বাইচুং ভূটীয়াৰ প্ৰদৰ্শন দেখি উৎফুল্লিত হোৱা দেখা গৈছে শিক্ষাৰ্থীৰ লগতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ।

লগতে পঢ়ক :All India Muay Thai Cup 2023: মুৱাই থাই খেলত উজলিল গোলাঘাটৰ খেলুৱৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.