ETV Bharat / state

Bhatri Dwitiya 2022 : টীয়কত উলহ মালহেৰে ভাই ফোঁটা উদযাপন

author img

By

Published : Oct 27, 2022, 8:53 PM IST

Updated : Oct 28, 2022, 12:03 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ টীয়কৰ ঔগুৰি নেপালী গাঁৱতো ভাতৃ তৃতীয়া উদযাপন কৰা হৈছে (Bhai Fota celebrated in Teok Jorhat) । উল্লেখ্য, ভাতৃ তৃতীয়া অৰ্থাৎ ভাই ফোঁটা হৈছে গোৰ্খা সম্প্ৰদায়ৰ ৰাইজৰ অন্যতম উৎসৱ । দেৱালীৰ অমাৱস্যাৰ পাছত পঞ্চমীৰ দিনা এই উৎসৱ উদযাপন কৰা হয় ।

Bhai Fota
Bhai Fota

টীয়ক, ২৭ অক্টোবৰ : আজি নেপালী সম্প্ৰদায়ৰ পবিত্ৰ উৎসৱ ভাতৃ তৃতীয়া (Bhatri Dwitiya Festival of Nepalese) । সমগ্ৰ ৰাজ্যতে নেপালী সম্প্ৰদায়ে উলহ-মালহেৰে পালন কৰিছে এই ভাতৃ তৃতীয়া উৎসৱ । ভাতৃ তৃতীয়া উৎসৱক ভাই ফোঁটা বুলিও কোৱা হয় (Bhai Fota celebrated in Assam) ।

নেপালী সম্প্ৰদায়ৰ মহিলাসকলে আজিৰ দিনটো নিজৰ ককায়েক বা ভায়েকসকলক বিশেষভাৱে পূজা কৰাৰ এক পৰম্পৰা আছে । ভাতৃসকলক ফোঁট অৰ্থাৎ শিৰত তিলক লগাই তেওঁলোকৰ মংগল কামনা কৰে । লগতে ভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰৰো আয়োজন কৰা হয় আৰু আলহী অতিথিক আতিথ্য প্ৰদান কৰা হয় ।

টীয়কত উলহ মালহেৰে ভাই ফোঁটা উদযাপন

টীয়কৰ ঔগুৰি নেপালী গাঁৱতো সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হয় ভাই ফোঁটা । পৰম্পৰা ৰক্ষা কৰি গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে এই ভাই ফোঁটা (Bhatri Dwitiya celebrated in Assam) । ভাই সম্বন্ধীয় সকলোকে আজিৰ এই বিশেষ দিনটোত পৰম্পৰাগত নীতি-নিয়মৰ মাজেদি কপালত তিলক পিন্ধাই সৰ্বোত্তৰ মংগল কামনা কৰে । লগতে ভাই-ভনীৰ এই সম্বন্ধ যাতে আৰু অধিক কটকটীয়া হয় তাৰ কামনা কৰে ।

আনহাতে, পৰম্পৰাগত নীতি-নিয়ম সমাপ্ত হোৱাৰ পাছতে গাঁৱৰ সকলো লোক একত্ৰিত হৈ প্ৰতিঘৰৰ চোতালে চোতালে হুঁচৰি মাৰি গৃহস্থক আশীৰ্বাদ প্ৰদান কৰে (Traditional festival of Nepalese Bhatri Dwitiya) । উল্লেখযোগ্য যে এই উৎসৱ উদযাপনৰ বাবে ঘৰৰ পৰা কৰ্মসূত্ৰে বাহিৰত থকা তথা বিবাহিত বাই-ভনীসকলো নিজ ঘৰখনলৈ আহি পৰম্পৰা অটুট ৰাখি ভাতৃসকলক ফোঁট পিন্ধায় ।

আনহাতে ডিমৰীয়াৰ টোপাতলীত গোৰ্খা জনগোষ্ঠীয় লোকসকলেও পৰম্পৰাগত উৎসৱ দেউছী-ভৈলী উদযাপন কৰে ৷ এই উদ্দেশ্যৰে টোপাতলীৰ গোৰ্খা বসতি প্ৰধান এলেকাত বুধবাৰে সমগ্ৰ নিশা দেউছী-ভৈলী নৃত্য পৰিবেশনৰে সমগ্ৰ অঞ্চলটোত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ আজি ভাতৃ-ভগ্নীয়ে অতি পবিত্ৰতাৰে ভাইটিকা অনুষ্ঠানটো ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন কৰি ইজনে সিজনৰ মংগল কামনা কৰে ।

লগতে পঢ়ক :Nipon Goswami death : অশ্ৰুসিক্ত নয়নেৰে বিদায় নিপন গোস্বামীক

Last Updated : Oct 28, 2022, 12:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.