ETV Bharat / state

গাভৰু কাণ্ডক সাম্প্ৰদায়িক ৰহন সনাৰ চেষ্টা একাংশ দুস্কৃতিকাৰীৰ

author img

By

Published : Jun 9, 2020, 4:17 AM IST

গাভৰু চাহ বাগিচাত সংঘটিত হোৱা দেবাশীষ গগৈৰ হত্যাকাণ্ডক উচিত তদন্তৰ লগতে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবীত আটছা আৰু আটাছুৰ যৌথ সভা ৷ সামাজিক মাধ্যমৰ যোগেদি নিজৰ ৰাজনৈতিক মুনাফা অথবা নিজ স্বাৰ্থ সিদ্ধিৰ বাবে সমগ্ৰ ঘটনাটোক সাম্প্ৰদায়িক ৰহণ সানিবলৈ চেষ্টা কৰা সকলক কঠোৰ সকীয়নি ৷

ATSA and ATASU joint meeting
ATSA and ATASU joint meeting

মৰিয়নী, 8 জুন : দেবাশীষ গগৈ হত্যাকাণ্ডৰ অচিলা লৈ সাম্প্ৰদায়িক বিভেদ আনিবৰ বাবে তৃতীয় পক্ষই চলোৱা চেষ্টাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাৰ এখন যৌথ সভা অনুষ্ঠিত হয়। মৰিয়নী লোকনাথ বিবাহভৱনত অনুষ্ঠিত এই যৌথ সভাত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গুৱালা, সম্পাদক পৱন বেদিয়াকে আদি কৰি কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়াৰ লগতে , জিলা আৰু আঞ্চলিক পৰ্যায়ৰ কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে।

ATSA and ATASU joint meeting
গাভৰু কাণ্ডক সাম্প্ৰদায়িক ৰহন সনাৰ চেষ্টা একাংশ দুস্কৃতিকাৰীৰ

আনহাতে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোঁহাই, কাৰ্যকৰী সভাপতি কুমুদ গগৈ, সহকাৰী সাধাৰণ সম্পাদকদ্বয় ক্ৰমে দেৱজিত গগৈ, জয়ন্ত সন্দিকৈ আদি কৰি আঞ্চলিক আৰু জিলা পৰ্যায়ৰ কেইবাজনো আটাছু নেতা উপস্থিত থাকে এই সভাত । এই সভাৰ জৰিয়তে গাভৰু চাহ বাগিচাত সংঘটিত হোৱা দেবাশীষ গগৈৰ হত্যাকাণ্ডক উচিত তদন্তৰ লগতে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়।

আটছা আৰু আটাছুৰ যৌথ সভা

ইয়াৰ লগতে সামাজিক মাধ্যমৰ যোগেদি একাংশ লোকে নিজৰ ৰাজনৈতিক মুনাফা অথবা নিজ স্বাৰ্থ সিদ্ধিৰ বাবে সমগ্ৰ ঘটনাটোক সাম্প্ৰদায়িক ৰহণ সানিবলৈ যি প্ৰচেষ্টা কৰিছে সেইসকল সকীয়নি দি অসম আৰক্ষীয়ে সেই সকলৰ লোকৰ ওপৰত যাতে কঠোৰ আইনী ব্যৱস্থা লয় তাৰ আহ্বান জনায় এই যৌথ সভাৰ জৰিয়তে। প্ৰয়াত দেবাশীষৰ ভগ্নীক চৰকাৰী চাকৰিৰ লগতে পৰিয়াল বৰ্গক ১০লক্ষ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায় সংগঠন দুটাই । আটছা আৰু আটাছুৰ সদস্য সকলক সামাজিক মাধ্যম ফেচবুক অথবা হোৱাট্চ এপত সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে দুয়োটা দলৰ বিষয়ববীয় সকলে।

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ লগতে CAA বাতিলৰ দাবীৰে তিতাবৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.