ETV Bharat / state

Accidents during Holi : হোলীৰ দিনটোত যোৰহাটত সংঘটিত হ’ল 38 টা পথ দুৰ্ঘটনা

author img

By

Published : Mar 9, 2023, 8:12 PM IST

ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে কেবাটাও অঘটন ৷ ইয়াৰে ভিতৰত বুধবাৰৰ দিনটোত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত পঞ্জীয়ন হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা মুঠ 38 টা (38 road accidents during Holi in Jorhat) ৷ এই কথা সদৰী কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক পূৰ্ণিমা বৰুৱাই ।

Accidents during Holi
বুধবাৰে যোৰহাটত সংঘটিত হৈছে 38 টা পথ দুৰ্ঘটনা

যোৰহাট, 9 মাৰ্চ : ফাকুৱাৰ আনন্দৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ যোৰহাটত সংঘটিত হৈছে কেবাটাও পথ দুৰ্ঘটনা ৷ বুধবাৰে ফাকুৱাৰ দিনটোত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত পঞ্জীয়ন হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা মুঠ 38 টা (38 road accidents during Holi in Jorhat) ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক পূৰ্ণিমা বৰুৱাই ।

অৱশ্যে এই দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি উল্লেখ কৰে অধীক্ষক পূৰ্ণিমা বৰুৱাই (Many traffic accidents during Holi in Jorhat) ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বুধবাৰে হাস্পতালত পঞ্জীয়ন হোৱা মুঠ 38 টা পথ দুৰ্ঘটনাৰ ভিতৰত 15 টা আছিল মাৰপিটৰ ঘটনা । এই ঘটনাসমূহ যোৰহাট জিলাৰ ভিতৰতে সংঘটিত হোৱা ঘটনা ।

লগতে তেওঁ কয় যে, ইয়াৰে ভিতৰত কিমান সংখ্যকে সুৰাপান কৰি পথ দুঘটনা সংঘটিত কৰিছে, সেই তথ্য চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ হাতত তথ্য নাথাকে ৷ সেয়া যোৰহাট যান-বাহন শাখাৰ ওচৰত থাকে ৷ কাৰণ সেই ঘটনাসমূহ প্ৰথমতে যান-বাহন শাখাই পঞ্জীয়ন কৰে বুলি মন্তব্য কৰে অধীক্ষক পূৰ্ণিমা বৰুৱাই ।

ইফালে একাংশ লোকে উল্লেখ কৰা অনুসৰি, বুধবাৰে ফাকুৱাৰ দিনটোত যোৰহাট মাছৰহাটত ফাকুৱা পালন কৰাৰ নামত একাংশ সুৰাপায়ী লোকে পথৰ ওপৰত উদ্যাম নৃত্য কৰি যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে ৷ লগতে আন একাংশ লোকে মাৰপিটতো লিপ্ত হয় । এই ঘটনা ৰোধ কৰিবলৈ সমগ্ৰ মাছৰহাট অঞ্চলত আৰক্ষীয়ে দুপৰ নিশালকৈ নিৰাপত্তা ব্যৱস্থা মোতায়ন কৰে ৷

তাপৰ্যপূৰ্ণ যে, হোলীৰ সময়ত সুৰাপায়ী চালকক নিয়ন্ত্ৰণ কৰিবলৈ পৰিৱহন বিভাগ আৰু যান-বাহন বিভাগক অধিক সক্ৰিয় হৈ পৰা দেখা পোৱা গৈছে । বিভাগীয় এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, সুৰাপায়ীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই গোচৰ ৰজু কৰাৰ লগতে বুজন পৰিমাণৰ জৰিমনাও সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক : Record sale of Liquor in Assam: ফাকুৱাৰ দুদিনত সমগ্ৰ অসমত ১০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰীৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.