ETV Bharat / state

যোৰহাট বাছ আস্থানত উপস্থিত এএছটিছি প্ৰধান অশোক কুমাৰ ভট্টৰায় - স্বত্বাধিকাৰ অশোক কুমাৰ ভট্টৰায়

দেওবাৰে যোৰহাটত উপস্থিত হয় অসম ৰাজ্যিক পৰিবহন নিগমৰ স্বত্বাধিকাৰ অশোক কুমাৰ ভট্টৰায় ৷ উপস্থিত হৈ যোৰহাটৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ ব্যৱস্থা নিৰীক্ষণ কৰে স্বত্বাধিকাৰীগৰাকীয়ে ৷ লগতে অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ কৰ্মচাৰীৰ দৰমহাৰ পৰা সংগৃহীত ৩০ হাজাৰ টকাৰ এখন চেক স্বত্বাধিকাৰ অশোক কুমাৰ ভট্টৰায়ৰ হাতত প্ৰদান কৰে।

যোৰহাটত অসম ৰাজ্যিক পৰিবহন নিগমৰ ব্যৱস্থাৰ বুজ লয় স্বত্বাধিকাৰ অশোক কুমাৰ ভট্টৰায়ে

author img

By

Published : May 17, 2020, 1:27 PM IST

যোৰহাট, 17 মে’: অসম ৰাজ্যিক পৰিবহন নিগমৰ স্বত্বাধিকাৰ অশোক কুমাৰ ভট্টৰায়ে দেওবাৰে যোৰহাটত উপস্থিত হৈ নিৰীক্ষণ কৰে যোৰহাটৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ ব্যৱস্থা। স্বত্বাধিকাৰগৰাকীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে বহিঃৰাজ্যৰ পৰা ৰে’লযোগে অহা যাত্ৰীসকলক অনা-নিয়াৰ ব্যৱস্থা কৰিছে অসম ৰাজ্যিক পৰিবহন নিগমে । আন্তঃজিলা পৰিবহনৰ যি বিনামূলীয়া সেৱা আছিল সেয়া ইতিমধ্যে শেষ হৈছে, ইয়াৰ পৰিৱৰ্তে পূৰ্বৰ নিৰিখ ভাড়াৰে বাছ সেৱা আৰম্ভ হৈছে । দুৰণিবটীয়া যাত্ৰীয়ে ৰেড বাছ ডট কমৰ যোগেদি ক্ৰয় কৰিব পাৰিব টিকটসমূহ ।

যোৰহাটত অসম ৰাজ্যিক পৰিবহন নিগমৰ ব্যৱস্থাৰ বুজ লয় স্বত্বাধিকাৰ অশোক কুমাৰ ভট্টৰায়ে
আনহাতে, বাছসমুহ চেনিটাইজেশ্যন কৰা, বাধ্যতামূলক ভাৱে মাস্ক পৰিধান কৰা, হাত ধোৱা অথবা চেনিটাইজাৰ লগোৱা, সামাজিক দুৰত্ব বজাই ৰখা আদি সকলো চৰকাৰী নীতি-নিৰ্দেশনা বিভাগটোৱে মানি আহিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ অ’এনজিচিত বাছ চলাচল, বিভাগটোৰ খালি মাটিত ৰিলায়েন্সৰ টাৱাৰ, পেট্ৰ’ল ডিপ’ বহুৱাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।ইয়াৰোপৰি, প্ৰায় ৭০০ খন নতুন বাছ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে বিভাগটোৱে । বৰ্তমান গুৱাহাটী মহানগৰীত ২৪০ খন বাছৰ লগতে আন আন বিভাগসমুহত অতিৰিক্ত ৭০ খন বিভাগটোৰ বাছ চলি আছে । তদুপৰি গুৱাহাটীৰ উপৰিও সমগ্ৰ ৰাজ্যত ২৪০ খন নিগমৰ বাছ চলি আছে বুলি স্বত্বাধিকাৰগৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: কামপুৰত পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.