ETV Bharat / state

মূল্য বৃদ্ধি ৰোধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ পদযাত্ৰা - assu protest

যোৰহাট চহৰৰ মাজ-মজিয়াতে মূল্যবৃদ্ধি ৰোধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷

মূল্য বৃদ্ধি ৰোধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ পদযাত্ৰা

author img

By

Published : Apr 3, 2021, 2:12 PM IST

যোৰহাট, 3 এপ্ৰিল: মূল্য বৃদ্ধিৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰিল যোৰহাট চহৰ ৷ মূল্যবৃদ্ধি ৰোধৰ দাবীত শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিটিয়ে যোৰহাট চহৰৰ মাজৰে পদযাত্ৰা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

উল্লেখ্য যে, ৰাজ্যত দৈনিক নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ উচ্চ হাৰত বৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাইছে ৷ অত্যধিক মূল্য বৃদ্ধিৰ ফলত আগন্তুক ৰঙালী বিহুও যেন কঙালী হ’বলৈ গৈ আছে । ইফালে নিত্য-নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ নাটনীৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে উচ্চ হাৰত সামগ্ৰী বিক্ৰী কৰিবলৈ লৈছে ৷ যাৰ ফলত অধিক হাৰত বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য ৷

নিত্য-নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত যোৰহাট চহৰৰ মাজ-মজিয়াতে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিটিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনহাতে, সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক অতি শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: সবাতোকৈ ধনী প্ৰাৰ্থীজন প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.