ETV Bharat / state

India Sun Mission: আদিত্য-L1 অভিযানৰ অংশ অসমীয়া বিজ্ঞানী ঐশ্বন্যা শৰ্মা; যোৰহাটত উছৱ মুখৰ পৰিৱেশ - সূৰ্য অধ্যয়ন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে সূৰ্যৰ বিভিন্ন জটিল প্ৰক্ৰিয়াসমূহ অধ্যয়নৰ বাবে প্ৰথমখন মহাকাশযান আদিত্য-L1 প্ৰেৰণ কৰিছে ৷ আজি শ্ৰীহৰিকোটাৰ পৰা সফলভাৱে উৎক্ষেপণ কৰা হয় আদিত্য-L1ক ৷ ভাৰতৰ এই ঐতিহাসিক অভিযানৰ অংশ এগৰাকী অসমীয়া বিজ্ঞানী ড৹ ঐশ্বন্যা শৰ্মা ৷

India Sun Mission
India Sun Mission
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 6:15 PM IST

আদিত্য-L1 অভিযানৰ অংশ অসমীয়া বিজ্ঞানী ঐশ্বন্যা শৰ্মা

যোৰহাট, 2 ছেপ্টেম্বৰ: ভাৰতৰ সূৰ্য অধ্যয়নৰ এক ঐতিহাসিক পদক্ষেপৰ অংশ হিচাবে প্ৰেৰণ কৰা আদিত্য-L1ৰ সফল উৎক্ষেপণৰ পিছতেই উৎফুল্লিত হৈ পৰিছে দেশবাসী ৷ ভাৰতৰ এই গুৰুত্বপূৰ্ণ অভিযানত অংশগ্ৰহণ কৰিছে এগৰাকী অসম কন্যাই ৷ তেওঁ হৈছে যোৰহাট জিলাৰ ড৹ ঐশ্বন্যা শৰ্মা ৷

আদিত্য-L1ৰ সফল উৎক্ষেপণৰ পিছত ঐশ্বন্যা শৰ্মাৰ গৃহজিলা যোৰহাটতো সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ ৷ উল্লেখ্য যে যোৰহাটৰ বাহনা মহাবিদ্যায়ত শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে একেলগে আদিত্য-L1 উৎক্ষেপণৰ বিৰল মুহূৰ্ত প্ৰত্যক্ষ কৰিলে ড৹ ঐশ্বন্যা শৰ্মাই ৷

আদিত্য- L1 অভিযানত জড়িত অসম বিজ্ঞানী ড৹ ঐশ্বন্যা শৰ্মা যোৰহাট বাহনা মহাবিদ্যালয় পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা । আজি সফলভাৱে আদিত্য-L1 উৎক্ষেপণৰ বিৰল মুহূৰ্ত শিক্ষক,কৰ্মচাৰী আৰু ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে উপভোগ কৰিলে ড৹ শৰ্মাই ।

তাপৰ্যপূৰ্ণ যে সূৰ্যৰ জটিল প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰাৰ আদিত্যৰ কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল’বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাবে নিযুক্ত কৰা হৈছিল যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ঐশ্বন্যা শৰ্মাক । আদিত্য এল-1 ত সংলগ্ন দূৰবীক্ষণ যন্ত্ৰ সংক্ষেপে SUIT (Solar Ultraviolet Imaging Telescope) এ সংগ্ৰহ কৰি পঠিয়াবলগীয়া তথ্যৰ পৰা সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ আৰু কম্পনৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিল ।

ড৹ শৰ্মাই 2015 চনৰ পৰা আদিত্য-L1ত সংলগ্ন সাতটা যন্ত্ৰৰ অন্যতম যন্ত্ৰ SUIT ৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAA ৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেছৰ দুৰ্গেশ ত্ৰিপাঠীৰ লগত কৰ্মৰত আছিল ।

ড৹ শৰ্মা যোৰহাট জিলাৰ ৰজামৈদাম নিউকলনীৰ বিচিত্ৰ শৰ্মা, দীপালি শৰ্মাৰ কন্যা আৰু নগৰৰ উপকণ্ঠৰ পদুমণি নিবাসী তথা চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যাপক উৎপল শইকীয়াৰ পত্নী । ভাৰতবর্ষৰ সূৰ্যমুখী অভিযানৰ ঐতিহাসিক যাত্ৰাত ড৹ ঐশ্বন্যা শৰ্মা জড়িত হোৱাত মহাবিদ্যালয় পৰিয়ালৰ লগতে যোৰহাট তথা অসমবাসীয়ে আনন্দ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Aditya L1 launch : আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ পাছত ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.