ETV Bharat / state

Assam Police: পূৰ্ণাংগ আৰক্ষীত পৰিণত হ’ল নৱ নিযুক্ত 1715 গৰাকী জোৱান - দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়

দেৰগাঁৱস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমিত বিশাল দীক্ষান্ত সমাৰোহ ৷ এই দীক্ষান্ত সমাৰোহৰ পাচতেই নৱ নিযুক্ত 1715 আৰক্ষী জোৱান পৰিণত হ’ল একোগৰাকী পূৰ্ণাঙ্গ আৰক্ষী হিচাবে (Assam police 178th passing out parade) ৷ সমাৰোহত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

Assam Police
Assam Police
author img

By

Published : Apr 6, 2023, 1:48 PM IST

পূৰ্ণাংগ আৰক্ষীত পৰিণত হ’ল নৱ নিযুক্ত 1715 গৰাকী জোৱান

যোৰহাট, 6 এপ্ৰিল: বৃহস্পতিবাৰে দেৰগাঁৱস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমিৰ (Lachit Barphukan Police Academy) পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হয় এক বিশাল দীক্ষান্ত সমাৰোহ ৷ এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে মুঠ 1715 গৰাকী নৱনিযুক্ত আৰক্ষী কনিষ্ঠবলে । 9 মাহৰ কঠিন প্ৰশিক্ষণৰ অন্তত বৃহস্পতিবাৰৰ এই 178 সংখ্যক দীক্ষান্ত সমাৰোহৰ পাচৰে পৰা প্ৰতিগৰাকী নৱনিযুক্ত আৰক্ষী জোৱান এগৰাকী সম্পূৰ্ণ আৰক্ষী হিচাবে পৰিগণিত হ’ল (Assam police 178th passing out parade) ৷

এই দীক্ষান্ত সমাৰোহত বিশেষভাৱে অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) ৷ লগতে উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, কেশৱ মহন্ত, বিধায়ক বিশ্বজিৎ ফুকন আৰু বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী ৷ ইয়াৰ উপৰিও উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ ৷

আনহাতে নৱনিযুক্ত আৰক্ষী জোৱানসকলৰ পৰিয়ালবৰ্গৰ উপস্থিতিয়ে এই দীক্ষান্ত সমাৰোহৰ সৌষ্ঠৱ বৃদ্ধি কৰা পৰিলক্ষিত হয় ৷ দীক্ষান্ত সমাৰোহত উপস্থিত থাকি উপস্থিত থকা আৰক্ষী জোৱানসকলক জনসাধাৰণৰ নিৰাপত্তা , গণতন্ত্ৰ ৰক্ষা আৰু শান্তিৰ অসমৰ হকে কাম কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইয়াতেই মুখ্যমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ (Dergaon Police Training College) পুৰণি আৱাসসমূহৰ ঠাইত নতুন আৱাস নিৰ্মাণ কৰাৰ হ’ব বুলি ঘোষণা কৰে ৷ লগতে, 11 মে’ত 51 হাজাৰ নতুন নিযুক্তি প্ৰদান কৰাৰ হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ ভিতৰত থাকিব 6000 হাজাৰ আৰক্ষী আৰু বনকৰ্মী (Assam govt appointment ceremony) ৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে জোৱানসকলক উৎসাহিত কৰাৰ লগতে এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীকো তৎকালীনভাৱে সহায় আগবঢ়ায় ৷ উল্লেখ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি তৎপতা গ্ৰহণ কৰাৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Asssam CWLW replaced: ৰাষ্ট্ৰপতি মূৰ্মুৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে ৰাজ্যৰ মুখ্য বন সংৰক্ষকক বদলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.