ETV Bharat / state

Asom Sahitya Sabha: সাহিত্য সভা সংস্কাৰৰ বাবে গ্ৰহণ কৰা হ’ব গুৰুত্বপূৰ্ণ পদক্ষেপ: সূৰ্যকান্ত হাজৰিকা - Asom Sahitya Sabha worker derived of salary

অসম সাহিত্য সভাৰ সংস্কাৰৰ বাবে গ্ৰহণ কৰা হ’ব গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই মন্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাৰ ৷ সাহিত্য সভাৰ কৰ্মচাৰীসকলে দৰমহাৰ বাবে এতিয়াৰে পৰা প্ৰতিবাদ কৰিব নালাগে বুলিও মন্তব্য সভাপতিগৰাকীৰ (Asom Sahitya Sabha) ৷

Asom Sahitya Sabha
সাহিত্য সভা সংস্কাৰৰ বাবে গ্ৰহণ কৰা হ’ব গুৰুত্বপূৰ্ণ পদক্ষেপ: সূৰ্যকান্ত হাজৰিকা
author img

By

Published : Mar 3, 2023, 7:26 PM IST

সাহিত্য সভা সংস্কাৰৰ বাবে গ্ৰহণ কৰা হ’ব গুৰুত্বপূৰ্ণ পদক্ষেপ: সূৰ্যকান্ত হাজৰিকা

যোৰহাট, 3 মাৰ্চ: আজি সাহিত্য সভা জটিল পৰিস্থিতিৰ দিশে আগৱাঢ়িছে ৷ সাহিত্য সভাৰ সংস্কাৰৰ ক্ষেত্ৰত গুৰত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ হ'ব । এই মন্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাৰ (Dr Surjya Kanta Hazarika) ৷

অসমীয়া ভাষা এক চহকী ভাষা । সেই ভাষা বিশ্বদৰবাত প্ৰতিষ্ঠা কৰোৱাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসমবাসীৰ সহায় লাগিব বুলিও মন্তব্য কৰে নৱ নিৰ্বাচিত সভাপতিগৰাকীয়ে ৷

আজি সাহিত্য সভা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি সাহিত্য সভাক বিতৰ্কলৈ নানি গঠনমূলক পৰামৰ্শ আগবঢ়াবলৈ সংবাদমাধ্যমক আহ্বান জনাই ড৹ সূৰ্যকান্ত হাজৰিকাই (Asom Sahitya Sabha controversy) ৷

আনহাতে, তাৎপৰ্যপূৰ্ণভাৱে অনাগত সময়ত সাহিত্য সভাৰ কৰ্মচাৰীসকলে দৰমহাৰ বাবে প্ৰতিবাদত বহিব নালাগে বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ উল্লেখ্য যে, মাহ মাহ ধৰি প্ৰাপ্য দৰমহাৰ বাবে বঞ্চিত হৈ আহিছে অসম সাহিত্য সভাৰ কৰ্মচাৰী ৷ যাৰবাবে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে কৰ্মচাৰীসকলে (Asom Sahitya Sabha worker derived of salary) ৷

লগতে, চৰকাৰী, বে-চৰকাৰীৰ ফলকত অসমীয়া ভাষা প্ৰয়োগ কৰাত সাহিত্য সভাই পদক্ষেপ গ্ৰহণ কৰি আছে আৰু ইয়াৰ বাবে সকলোৱে হাতে কামে লাগিব লাগে, ইয়াৰ বাবে সাহিত্য সভাৰ অনুমতিৰ বাবে অপেক্ষা কৰিব নালাগে বুলি সভাপতি হাজৰিকাই মন্তব্য কৰে ৷ সাহিত্য সভাত নতুন নতুন কৰ্মসূচী অন্তৰ্ভুক্ত কৰাৰ হ’ব বুলিও তেওঁ সদৰী কৰে ।

উল্লেখ্য যে, যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত শুকুৰবাৰে নৱ নিৰ্বাচিত সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা, উপ সভাপতি ডাঃ গিৰিশ শৰ্মা আৰু সাধাৰণ সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে সাহিত্য সভাৰ বিষয়ববীয়া আৰু কৰ্মীসকলে ।

স্মৰ্তব্য যে, বাৰে বাৰে বিতৰ্কৰ আৱৰ্তত সোমাই পৰে অসম সাহিত্য সভা ৷ শেহতীয়াকৈ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সময়তো ব্যাপকভাৱে সমালোচিত হৈছিল সাহিত্য সভা ৷ সাহিত্য সভাই পূৰ্বৰ গৰিমা হেৰুৱাই পেলোৱা বুলিও উত্থাপন হৈ আহিছে অভিযোগ ৷ এই ক্ষেত্ৰত নৱ নিৰ্বাচিত সভাপতিগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব তাৰ প্ৰতি দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে ৷

লগতে পঢ়ক: Assam forest minister on eviction: বনাঞ্চলত বেদখল নচলিব; বন মন্ত্ৰীৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.